ভূপেন বৰাক শ্ৰেষ্ঠ কমেডিয়ান উপাধি প্ৰদান দিগন্ত কলিতাৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 5:06 PM IST

thumbnail

বাইহাটা,২৮ মাৰ্চ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক 'শ্ৰেষ্ঠ কমেডিয়ান'ৰ উপাধি দিলে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই । শেহতীয়াকৈ ভূপেন বৰাই ২০২৬ৰ ৪ জুনৰ পূৰ্বে ৰাজভৱনত শপত ল'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক দিগন্ত কলিতাই কয় যে ভূপেন বৰা এজন ভাল কমেডিয়ান । সেয়ে বিজেপিয়ে ভূপেন বৰাক শ্ৰেষ্ঠ কমেডিয়ান উপাধি প্ৰদান কৰা বুলি উল্লেখ কৰে বিধায়ক দিগন্ত কলিতাই ।

কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এক মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই । দিগন্ত কলিতাৰ মতে জাকিৰ হুছেইন ছিকদাৰৰ মনটো বিজেপিৰ লগতে আছে । উল্লেখ্য যে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ সমষ্টিত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় বিধায়কগৰাকীয়ে । লগতে বিভিন্ন বুথ কমিটিসমূহৰ সৈতে বৈঠকতো মিলিত হয় স্থানীয় বিধায়ক দিগন্ত কলিতা । নিৰ্বাচনী ৰণনীতি সম্পৰ্কে বিধায়কগৰাকীয়ে দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰে ।

লগতে পঢ়ক :ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.