আজি ৰঙালীৰ উৰুকা; মেলেঙৰ বজাৰত গৌৰৱ গগৈৰ ব্যস্ততা - Bohag bihu 2024

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 1:10 PM IST

thumbnail

টীয়ক, 12 এপ্ৰিল: আজি অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুৰ উৰুকা । ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলি থাকৰ সমান্তৰালভাৱে অসমীয়াই বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে । উৰুকাৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে । 

নিৰ্বাচনী ব্যস্ততাৰ মাজতে হেঁপাহৰ ৰঙালী উদযাপন কৰিবলৈ কলিয়াবৰৰ সাংসদ তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ উপস্থিত হয় টীয়কৰ মেলেঙৰ কপাধৰা বজাৰত ৷ বিহুৰ বাবে প্ৰয়োজনীয় শাক-পাচলি, জলপানৰ সামগ্ৰী, মাছ-মাংস বজাৰ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক । 

বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজৰ ক্ৰয় ক্ষমতাত সমস্যাৰ সৃষ্টি কৰিছে যদিও এই বিহুৰ আনন্দময় পৰিৱেশৰ মাজত কাকো সমালোচনা কৰিবলৈ গগৈয়ে অনিচ্ছা প্ৰকাশ সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনায় ৷ জনপ্ৰিয় সাংসদগৰাকীক ৰাইজে কাষত পাই বজাৰতে ফটো তথা ছেলফী তুলিবলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: মই স্থিতি সলনি কৰা নাই, জনজাতিকৰণ সন্দৰ্ভত মোৰ স্থিতি একেই আছে : গৌৰৱ গগৈ - Tribalisation Of Six Communities

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.