ETV Bharat / state

মই স্থিতি সলনি কৰা নাই, জনজাতিকৰণ সন্দৰ্ভত মোৰ স্থিতি একেই আছে : গৌৰৱ গগৈ - Tribalisation Of Six Communities

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 1:16 PM IST

মই স্থিতি সলনি কৰা নাই, জনজাতিকৰণ সন্দৰ্ভত মোৰ স্থিতি একেই আছে : গৌৰৱ গগৈ
মই স্থিতি সলনি কৰা নাই, জনজাতিকৰণ সন্দৰ্ভত মোৰ স্থিতি একেই আছে : গৌৰৱ গগৈ

Eid Ul Fitr 2024 : যিয়ে সাংবাদিকতাৰ বিপৰীতে চৰকাৰৰ মুখপাত্ৰ হিচাবে কাম কৰি আছে, তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছো ৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । লগতে গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷

মই স্থিতি সলনি কৰা নাই, জনজাতিকৰণ সন্দৰ্ভত মোৰ স্থিতি একেই আছে : গৌৰৱ গগৈ

শিৱসাগৰ, 11 এপ্ৰিল : ‘‘যেতিয়া ছয় জনগোষ্ঠীৰ সংগঠনবোৰ দিল্লীলৈ যায়, যন্তৰ মন্তত ধৰ্ণা দিয়ে, আমাৰ লগত যোগাযোগ কৰে, আমিও তেওঁলোকৰ ধৰ্ণাত সহযোগ কৰো ৷ আমি প্ৰত্যকজনৰে দাবী শুনো আৰু সমৰ্থন কৰো ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সদনৰ মজিয়াত গত সময়ছোৱাত মাত মাতিছিলো । মই স্থিতি সলনি কৰা নাই ৷ মোৰ স্থিতি আজিও একেই আছে ।’’ শিৱসাগৰত সমূহীয়া নামাজত অংশগ্ৰহণ কৰাৰ পিছত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।

ইয়াৰ লগতে সাংসদ গগৈয়ে অসমৰ দুটা ব্যক্তিগত সংবাদ মাধ্যমৰ সম্পৰ্কত কয়, ‘‘সংবাদ মাধ্যমক আমি সন্মান কৰো ৷ কিন্তু যিসকলে সাংবাদিকতা কৰা নাই, যিয়ে চৰকাৰৰ মুখপাত্ৰ হিচাবে কাম কৰি আছে তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছো’’ ৷

ইফালে বিধায়ক অখিল গগৈয়ে কা আন্দোলন সন্দৰ্ভত ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ‘‘কা আন্দোলনত 5 গৰাকী যুৱকক বিজেপি চৰকাৰ আৰু অসম আৰক্ষীয়ে হত্যা কৰিছিল । মুখ্যমন্ত্ৰীয়ে কা আন্দোলনৰ পাঁচগৰাকীক শ্বহীদ বুলি মানি লৈছে । গতিকে শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে চৰকাৰে । ইপিনে কা-খনৰ জৰিয়তে যদিহে বিদেশীক নাগৰিকত্ব দিয়াই নহয়, তেন্তে এই আইন কিয় বলৱৎ কৰিছিল ?’’ এই বুলিও মন্তব্য কৰে অখিল গগৈয়ে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিশ্বজুৰি মুছলমান সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিটৰ ৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈয়ে ৷ দুই গগৈয়ে শিৱসাগৰ দৰবাৰ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশলৈ বিশ্ব শান্তি সম্প্ৰীতিৰ কামনা কৰে ।

লগতে পঢ়ক : মৰিগাঁৱত বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি; বাক্যবাণেৰে বিজেপিক আঘাতৰ চেষ্টা প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.