ETV Bharat / politics

মৰিগাঁৱত বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি; বাক্যবাণেৰে বিজেপিক আঘাতৰ চেষ্টা প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 11:29 AM IST

Lok Sabha Election 2024
Lok Sabha Election 2024

ৰাজ্যত 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ৰণ দুন্দুভি বজাইছে প্ৰতিটো ৰাজনৈতিক দলেই ৷ লগতে কথাৰ বাণেৰেও কিন্তু আঘাত কৰিবলৈ এৰা নাই ৰাজনাতিক যুঁজত অৱতীৰ্ণ হোৱা নেতাসকলেও ৷ ইয়াৰ মাজতে এইবাৰ অসমৰ দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানক বৰ্জন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে ৷ কাৰণ সংবাদ প্ৰতিষ্ঠান দুটাই সদায় কংগ্ৰেছৰ ঋণাত্মক বাতৰি সম্প্ৰচাৰ কৰি থাকে ৷ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷

মৰিগাঁৱত বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি

মৰিগাঁও, 11 এপ্ৰিল : ‘‘আবুল-তাবুল কথা সদায় বিজেপি দলৰ নেতাই কৈয়ে থাকে ৷ তেওঁলোক কিয় ইমান অধৈয্য হৈছে ৷ সাধাৰণ জনতাৰ ওপৰত অকণমান শ্ৰদ্ধা কৰিবলৈ শিকক বিজেপিয়ে ৷ বিজেপিৰ এজনে ক’ব 50 হাজাৰত জিকিম, হিমন্ত বিশ্বই ক’ব 1 লাখ/2 লাখত জিকিম বুলি ৷ অসংলগ্ন কথা বিজেপিয়ে কৈয়ে থাকে ৷’’ এই মন্তব্য 9 নং নগাঁও লোকসভা সমষ্টিৰ উমৈহতীয়া কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷

উল্লেখ্য যে, মাজত আৰু কেইটামান দিন বাকী ৷ সমুখত নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত মাৰ বান্ধি থিয় দিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই ৷ সকলো ৰাজনৈতিক নেতাই দিনে নিশাই চলাইছে প্ৰচাৰ অভিযান ৷ কি কংগ্ৰেছ, কি বিজেপি কিম্বা অন্য ৰাজনৈতিক দল ৷ বাদ পৰি ৰোৱা নাই কোনো ৷

আনহে নালাগে, প্ৰতিখন সভা বা নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাজনৈতিক নেতাসকলেও বাদ পৰি ৰোৱা নাই ইজনে আনজনক কটাক্ষ কৰিবলৈ ৷ বুধবাৰে মৰিগাঁও শলমাৰীত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৷ শলমাৰীত এক সভাত অংশ লৈ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷

এই সভাতে সংবাদ মাধ্যমৰ আগত বৰদলৈয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পৰিয়ালৰ মালিকানাধীন দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানতে সদায় পক্ষপাত কৰিয়েই বাতৰি সম্প্ৰচাৰ কৰি আহিছে ৷ তেওঁ কয়, ‘‘আপোনালোকে দেখিছে বাৰে বাৰে কংগ্ৰেছক জনমানসত তুচ্ছ আৰু হেয় জ্ঞান কৰাৰ বাবে ধনাত্মক বাতৰিটোকো ঋণাত্মক ভাবে প্ৰকাশ কৰে । একেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মালিকানাধীন চেনেল দুটাই সদায় এই কাৰ্যত লিপ্ত হৈ আছে ।’’

‘‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক আমি সন্মান কৰো ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু তেওঁ পৰিয়ালৰ মালিকানাধীন দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আমি বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷’’ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷

লগতে পঢ়ক : আলফাৰ জন্মই নহ’লহেঁতেন, যদিহে তেতিয়া প্ৰধানমন্ত্ৰী মোদী থাকিলহেঁতেন: মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.