মাজুলীত ক্রিকেটাৰৰ ৰূপত গৌৰৱ গগৈ, ভাগৱতৰ ব্যাখ্যাও শুনিলে কংগ্ৰেছ নেতাগৰাকীয়ে

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:33 PM IST

thumbnail

মাজুলী, 19 মাৰ্চ: লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত কৰিছে গৌৰৱ গগৈয়ে ৷ সেই অনুসৰিয়েই দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ।

মাজুলীত উপস্থিত হোৱা সাংসদ তথা যোৰহাটৰ প্ৰাৰ্থীগৰাকীক দেখা গ’ল ক্ৰিকেটাৰৰ ৰূপত ৷ গড়মূৰৰ বংশী গোপাল নাট্যমন্দিৰত এক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পিচতে নামনি মাজুলীত বিয়লি এখন সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । ইয়াৰ পিচত মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত ক্ৰিকেট খেলিলে গৌৰৱ গগৈয়ে । প্ৰথমটো বলত চাৰি মাৰি দ্বিতীয়টো বলত আউট হ’ল গৌৰৱ গগৈ ।

ইয়াৰ পিচত তেওঁ সন্ধিয়া মাজুলীৰ মেখেলী গাঁও নামঘৰত উপস্থিত হয় । নামঘৰটোত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠত সেৱা ল’লে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে । ভকত-বৈষ্ণৱৰ সৈতে কঠত একেশাৰীতে বহি ভাগৱতৰ ব্যাখ্যাও শুনিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময় এতিয়াও আছে :পৃথ্বীৰাজ সাথে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.