ৰাহুল গান্ধীক মানসিক ৰোগী আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Jayanta Malla Baruah

🎬 Watch Now: Feature Video

thumbnail
ৰাহুল গান্ধীক মানসিক ৰোগী আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 8:10 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ২৬ জানুৱাৰী: "এজন সাংসদে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰাৰ পূৰ্বে তেওঁলোকে যাৰ পিচে পিচে ঘূৰি ফুৰিছে তেওঁৰ মানসিক অৱস্থাৰ বুজ লোৱা উচিত ৷ ৰাহুল গান্ধীয়ে এটা টি ছাৰ্ট পিন্ধিয়েই ঠাণ্ডাত ব্ৰহ্মপুত্ৰৰ মাজেৰে মাজুলীলৈ গৈছে, নামঘৰতো টি ছাৰ্ট পিন্ধি ঘূৰিছে, বেলেগে জেকেট পিন্ধি ফুৰিছে, কিন্তু গান্ধীয়ে টি ছাৰ্ট পিন্ধিয়েই ঘূৰি ফুৰিছে, সাধাৰণতে মানসিক ৰোগীয়েহে তেনেধৰণৰ কাৰ্য কৰে, আমাৰ নিচিনা সাধাৰণ লোকে তেনে কাম নকৰে ৷ ৰাহুল গান্ধীৰ ন্যায় জোড়ো যাত্ৰাৰ মিঞা অঞ্চলত নিশ্চয়কৈ প্ৰভাৱ পৰিব ৷ তেওঁলোকে মিঞাকে টাৰ্গেট কৰি আহিছে ৷ খিলঞ্জীয়া লোকৰ মাজত তেওঁলোকৰ প্ৰভাৱ পৰাৰ কোনো কথাই নাই ৷" গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ দুবৰণি শিৱ মন্দিৰ আৰু সূৰ্য মন্দিৰত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধী তথা সাংসদ গৌৰৱ গগৈক তুলাধূনা দিয়ে ৷ 

লগতে মন্ত্ৰীগৰাকীয়ে বৰপথাৰ অঞ্চলৰ পুৰাতাত্ত্বিক সমলসমূহ পৰ্যবেক্ষণ কৰে ৷  গোলাঘাট অঞ্চলৰ ঐতিহাসিক পুৰাতাত্বিক সমলসমূহ ভৱিষ্যতৰ দিনত সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷

লগতে পঢ়ক: বৰ্ষা বিঘ্নিত পৰিৱেশত লখিমপুৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

ABOUT THE AUTHOR

...view details