ETV Bharat / state

বৰ্ষা বিঘ্নিত পৰিৱেশত লখিমপুৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:49 PM IST

Republic day 2024 : লখিমপুৰত বৰ্ষা বিঘ্নিত পৰিৱেশত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই ৷

republic day observed in lakhimpur
গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

লখিমপুৰ, ২৬ জানুৱাৰী : শুকুৰবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলা তথা মহকুমা সদৰসমূহত চৰকাৰীভাৱে এই দিৱস উদযাপন কৰা হয় । আন জিলাৰ দৰে লখিমপুৰতো নগৰৰ খেল পথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই । প্ৰতিকূল বতৰৰ বাবে এইবাৰ ৰাইজৰ সঁহাৰি কিছু কম হোৱা পৰিলক্ষিত হয় ।

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো এইবাৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি কৰা হৈছিল । নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই দিৱস উদযাপনৰ সকলো আয়োজন সম্পূৰ্ণ কৰা হৈছিল যদিও বৰ্ষা বিঘ্নিত হল পতাকা উন্মোচনৰ কাৰ্যসূচী ।

পুৱা প্ৰায় সাত বজাৰ পৰা অহা মূষলধাৰ বৰষুণৰ ফলত গণৰাজ্য দিৱস উদযাপনস্থলী পংকময় হৈ পৰে । পুৱা ৯ বজালৈ বৰষুণৰ প্ৰকোপ হ্ৰাস পাই যদিও খেলপথাৰখন বোকাময় হৈ পৰে । তাৰ মাজতে পতাকা উন্মোচন কৰে জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই । পতাকা উন্মোচন কৰি তেওঁ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰে । পতাকা উন্মোচন কৰাৰ পাচত তেওঁ জিলাখনৰ উন্নয়নী ৰেহৰূপক অৱলোকন কৰি চমু ভাষণ প্ৰদান কৰে ।

আৰক্ষী, গৃহৰক্ষী, বেটেলীয়ন, এনচিচি আদিৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে মাৰ্চপাষ্টত অংশগ্ৰহণ কৰে । খেলপথাৰখন বোকাময় হৈ পৰাত তাৰ মাজেৰেই দলসমূহে মাৰ্চপাষ্ট কৰিবলগীয়া হয় । প্ৰতিকূল বতৰৰ বাবে এইবাৰ লখিমপুৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাইজৰ সঁহাৰিও সেৰেঙা হৈ পৰে । উল্লেখ্য এয, জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে ছুটীত থকাৰ বাবে ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলাৰ উন্নয়ন আয়ুক্ত উৎপল বৰাই লখিমপুৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ।

লগতে পঢ়ক : বৰপেটাত জিলা আয়ুক্ত আয়ুষ গাৰ্গে উন্মোচন কৰে গণৰাজ্য দিৱসৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.