বৰপেটাত জিলা আয়ুক্ত আয়ুষ গাৰ্গে উন্মোচন কৰে গণৰাজ্য দিৱসৰ পতাকা

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 11:53 AM IST

thumbnail

বৰপেটা, 26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে বৰপেটাতো 75 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয় ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা পৌৰসভাৰ খেলপথাৰত জিলা ভিত্তিত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে ৷ আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷

পতাকা উত্তোলনৰ পিচতে আয়ুক্তগৰাকীয়ে আৰক্ষী, গৃহৰক্ষী বাহিনী, চি আৰ পি এফ, স্কাউট এণ্ড গাইড, এনচিচি আৰু একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা পেৰেড অভিবাদন গ্ৰহণ কৰে ৷ অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, আৰক্ষী অধীক্ষক অমিতাভ সিনহাকে ধৰি জিলাখনৰ সকলোবোৰ বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগতে একাংশ কৰ্মচাৰীও উপস্থিত থাকে ৷ আনহাতে অনুষ্ঠানত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে ৷

গণৰাজ্য দিৱস উপলক্ষে বিবিধ সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক: পেৰেড অনুষ্ঠানত ভাগ ল’বলৈ অসমৰ পাঁচগৰাকী স্বেচ্ছসেৱকক নতুন দিল্লীলৈ নিমন্ত্ৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.