4 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব খোৱাপানীৰ যোগান

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:58 PM IST

thumbnail

নলবাৰী, 29 জানুৱাৰী : নলবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ক্ষোভ ৰাজ্যৰ জলমিত্ৰসকলৰ । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জলমিত্ৰসকলক ধমকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ মন্ত্ৰী বৰুৱাই জলমিত্ৰসকলে চচলত প্ৰতিবাদ কৰিবলৈ গ’লে তেওঁলোকক সেই সময়ৰ পৰাই চাকৰিৰ পৰা উলিয়াই দি নতুন যুৱকক চাকৰিত ভৰ্তি কৰোৱাৰ হুমকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী জলমিত্ৰসকলে ৷

উল্লেখ্য যে, সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলমিত্ৰসকলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক সাক্ষাৎ কৰি তেওঁ‌লোকে সন্মুখীন হৈ অহা কেবাটাও সমস্যা সমাধানৰ দাবী জনাইছিল । অহা 5 ফেব্ৰুৱাৰীত তেওঁ‌লোকে সমস্যা সমাধানৰ দাবীত চচলত ধৰ্মঘটত বহিব বুলি জনোৱাৰ পিচতেই মন্ত্ৰী বৰুৱাই এইদৰে মন্তব্য প্ৰকাশ কৰে বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই হুংকাৰৰ পিছতেই জাঙুৰ খাই উঠিছে জলমিত্ৰসকল । 

জলমিত্ৰসকলে জানিবলৈ দিয়া অনুসৰি, অহা 4 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব খোৱাপানীৰ যোগান । 4 ফেব্ৰুৱাৰীৰ পৰা কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে জলমিত্ৰসকলে । সমগ্ৰ ৰাজ্যৰ পৰা প্ৰায় 8000 ৰো অধিক জলমিত্ৰই এই প্ৰতিবাদ সাব্যস্ত কৰিব ৷ লগতে জলমিত্ৰসকলে তেওঁলোকৰ মাহিলী দৰমহা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.