ETV Bharat / state

আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 2:04 PM IST

Golaghat Police : নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা হেণ্ডকাফসহ পলাল চোৰাং চিকাৰী ৷ বৰ্তমানেও সন্ধান নাই দুধৰ্ষ চোৰাং চিকাৰী জগু পেগুৰ ৷

Poacher escapes with handcuff from the police cordon
আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফ লৈ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰীৰ জগু

আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফ লৈ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাংচিকাৰীৰ জগু

কাজিৰঙা, 29 জানুৱাৰী : আৰক্ষীৰ বেষ্টনী ফালি নিশা বোকাখাতত হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জপিয়াই নিখোঁজ দুধৰ্ষ গঁড় চিকাৰী জগু পেগু ৷ এই ঘটনাত আহত হৈছে হীৰক জ্যোতি বৰদলৈ আৰু মোহিত বৰা নামৰ দুজন আৰক্ষী ৷ ঘটনা সন্দৰ্ভত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে, কিছু দিনৰ আগত অত্যাধুনিক মাৰণাস্ত্ৰৰে দুটাকৈ গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হৈছিল চোৰাং চিকাৰী ৷ 26 জানুৱাৰীৰ নিশা ঘটনাৰ সৈতে জড়িত চোৰাং চিকাৰীৰ জগুক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ পেগুক সোধা-পোচ কৰাৰ অন্তত আৰক্ষীয়ে এটা খৰ্গ পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিছিল ৷

আৰক্ষী বিষয়া সিঙে কয়, ‘‘পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত দ্বিতীয়টো খৰ্গ উদ্ধাৰতৰ বাবে নিশা আৰক্ষীয়ে আগৰাতলি বনাঞ্চলৰ উত্তৰে থকা চাপৰিলৈ যাত্ৰা কৰিছিল ৷ চাপৰিলৈ যাবলৈ ব্ৰহ্মপুত্ৰ পাৰ হ’ব লাগে ৷ সেয়ে নাও যোগাৰ কৰিবলৈ ধৰোতে হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাপ দিয়ে পেগুৱে ৷ ইফালে হেণ্ডকাফ ধৰি থকা জোৱান মোহিত বৰাও পানীত পৰি যায় ৷ দুয়োকে উদ্ধাৰ কৰিবলৈ জোৱান হীৰক জ্যোতি বৰদলৈয়েও পানীত জাঁপ দিয়ে ৷ বৰ্তমানেও চোৰাং চিকাৰী জগু পেগুৰ নাই সন্ধান ৷’’ পানীত পৰা দুইগৰাকী আৰক্ষী জোৱানক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আৰক্ষী অধীক্ষক সিঙে কয়, ‘‘এদিন বা দুদিনৰ পূৰ্বে পৰিকল্পনা কৰা নহয়, এবছৰৰ পূৰ্বৰে পৰা পৰিকল্পনা কৰা হৈছিল ৷ আমি যেনেদৰে সাধাৰাণ চোৰাং চিকাৰী বুলি ভাবিছিলো তাতোকৈ অধিক দুধৰ্ষ চোৰাং চিকাৰী জগু ৷ এই ঘটনাত জড়িত সুখদেৱ কুটুম আৰু চাও উপাধিৰ চোৰাং চিকাৰী ৷ তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি আছে ৷’’

লগতে পঢ়ক : কাজিয়াৰ মাজতে জ্যেষ্ঠ ভগ্নীলৈ তপ্ত বুলেট নিক্ষেপ ভাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.