কাজিয়াৰ মাজতে জ্যেষ্ঠ ভগ্নীলৈ তপ্ত বুলেট নিক্ষেপ ভাতৃৰ
Brother shoots elder sister: ঘৰুৱা কাজিয়াৰ ভয়ংকৰ পৰিণতি ৷ নিজ ভাতৃৰ হাতত গুলীবিদ্ধ হৈ জীৱন মৰণেৰে যুঁজিছে জ্যেষ্ঠ ভগ্নীয়ে ৷

Published : January 28, 2024 at 8:38 PM IST
হাফলং, 28 জানুৱাৰী : ডিমা হাছাও জিলাত নিজ ভগ্নীৰ ওপৰত গুলী চলালে ভাতৃয়ে । শনিবাৰে ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মাইলু গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হয় । শনিবাৰে ডিমাছা জনগোষ্ঠীৰ জাতীয় উৎসৱ বুছুদিমা অনুষ্ঠিত কৰা হয় । এই বুছুদিমাৰ দিনাই এনে ঘটনা সংঘটিত হোৱাত গাঁওখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, লাংটিং আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে শনিবাৰে লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত মাইলু গাঁৱত বিয়লি প্ৰায় 3.30 মান বজাত পৰিমিতা আৰদাও নামৰ এগৰাকী মহিলাৰ ওপৰত তেওঁৰ সৰু ভাতৃ সঞ্জীত আৰদাৱে হস্তনিৰ্মিত বন্দুকেৰে গুলী চলায় । এই ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় ।
জানিব পৰা মতে সঞ্জীত আৰদাওৰ লগত পৰিমিতা আৰদাওৰ কিবা বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল ৷ তাৰ পিচতে খঙত সঞ্জীতে বন্দুকেৰে গুলীয়াই জ্যেষ্ঠ ভগ্নী পৰিমিতাক ।
ইপিনে এই ঘটনাৰ পিচতে গুলীবিদ্ধ মহিলাগৰাকীক প্ৰথমতে লাংটিং মডেল হাস্পতালত লৈ যোৱা হয় ৷ কিন্তু তেওঁৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে মহিলাগৰাকীক হাফলং অসামৰিক চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমানে মহিলা গৰাকীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ পিচতে ভাতৃ সঞ্জীত আৰদাওক লাংটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে হাফলঙলৈ লৈ আহে ৷ আৰক্ষীৰ জেৰাত সঞ্জীতে ভগ্নীৰ ওপৰত গুলী চলোৱাৰ কথা সঁচা বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে ঘটনাৰ সন্দৰ্ভত সবিশেষ তথ্য পোহৰলৈ অহা নাই ৷ আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত তদন্তৰ খাতিৰত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷
লগতে পঢ়ক: চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

