ভাৰত জোড়ো ন্যায় যাত্ৰা: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে জয়ৰাম ৰমেশে

🎬 Watch Now: Feature Video

thumbnail
ভাৰত জোড়ো ন্যায় যাত্ৰা (undefined)

By ETV Bharat Assamese Team

Published : January 24, 2024 at 6:56 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও, 24 জানুৱাৰী: আজি অসমত অন্তিমখন সংবাদমেল সম্বোধন কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰৰ নেতৃত্বই ৷ বৃহস্পতিবাৰে পশ্চিম বংগত প্ৰৱেশ কৰিবলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বই বুধবাৰে বঙাইগাঁৱত সম্বোধন কৰে সংবাদেমেল ৷ সংবামেল সম্বোধন কৰি সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৷

সংবাদমেলযোগে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনায় নিজাববীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাক দেশজুৰি বহুলভাৱে প্ৰচাৰ কৰাৰ বাবে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য,  ‘X’ৰ পোষ্ট, ভাবুকি আদিয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাক অধিক আগবঢ়াই নিলে বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ৷

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীসহ বহুকেইগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৰুজু কৰোৱা গোচৰ ‘ৰাজনৈতিক গোচৰ’ হিচাবে আখ্যা দিয়ে জয়ৰাম ৰমেশে ৷ যি আইনী ব্যৱস্থাই গ্ৰহণ নকৰক  নিৰ্ভীকভাৱে সন্মুখীন হ’ব মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোতে কৈ থাকে ভাৰত ‘মাদাৰ অব্ ডেমক্ৰেচী’, কিন্তু এয়া ‘মাৰ্ডাৰ অব্ ডেমক্ৰেচী’ হৈ থকা বুলিহে মন্তব্য কৰে জয়ৰাম ৰমেশে ৷

লগতে পঢ়ক: ইণ্ডিয়া বিভাজন ! অকলেই লোকসভা নিৰ্বাচন খেলিব মমতা বেনাৰ্জীয়ে