ETV Bharat / politics

ইণ্ডিয়া বিভাজন ! অকলেই লোকসভা নিৰ্বাচন খেলিব মমতা বেনাৰ্জীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:12 PM IST

Look Sabha Election 2024
INDI Alliance

INDI Alliance: ফাঁট মেলিব নেকি ভাৰতজুৰি বিৰোধীয়ে গঢ়ি তোলা ইণ্ডি মিত্ৰজোঁটত ? মমতা বেনাৰ্জীৰ শেহতীয়া বক্তব্যই তাৰেই যেন ইংগিত বহন কৰিছে ৷ ইণ্ডি মিত্ৰজোঁটত থাকিলেও পশ্চিম বংগত অকলেই নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰি দিছে বংগ কন্যা মমতাই ৷

নিউজ ডেস্ক, 24 জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম অতিক্ৰম কৰি পশ্চিম বংগত প্ৰৱেশ কৰিব অহা 25 জানুৱাৰীত ৷ তাৰ ঠিক আগে আগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা এক ঘোষণাই আচৰিত কৰি তুলিছে সকলোকে ৷ বিৰোধী মিত্ৰজোঁট ইণ্ডিৰ অন্যতম অংশীদাৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে অহা লোকসভা নিৰ্বাচন তেওঁলোকে অকলেই খেলিব ৷

মমতাৰ এই ঘোষণাই স্বাভাৱিকতেই এটা কথা স্পষ্ট কৰি দিছে যে পশ্চিম বংগত ইণ্ডি মিত্ৰজোঁটৰ শক্তিয়ে বিশেষ কাম নিদিব ৷ কাৰণ ৰাজ্যখন শাসন কৰা তৃণমূল কংগ্ৰেছে ইণ্ডিৰ সংগ এৰি দিয়াৰ লগে লগে পশ্চিমবংগত কাজেই নিশকতীয়া হৈ পৰিব মিত্ৰজোঁট ৷ মূল যুঁজখন বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজতেই অনুষ্ঠিত হ’ব ৷

কংগ্ৰেছক সমালোচনা কৰি মমতাই বুধবাৰে কয়, ‘‘কংগ্ৰেছ দলৰ সৈতে মোৰ কোনো আলোচনা কৰিব লগীয়া নাই ৷ মই সদায় কৈ আহিছোঁ যে বংগত আমি অকলেই নিৰ্বাচন খেলিম ৷ দেশৰ বাকী অংশত কি হ’ব সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু আমি ধৰ্মনিৰপেক্ষ দল আৰু পশ্চিম বংগত আমি অকলেই বিজেপিক পৰাভূত কৰিম ৷ মই ইণ্ডি মিত্ৰজোঁটৰ এটা অংশ ৷ ৰাহুল গান্ধীৰ ন্য়ায় যাত্ৰা আমাৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ যাব যদিও আমাক এই সন্দৰ্ভত কোনো কথা জনোৱা নাই ৷’’

‘‘আমি আপোনালোকক (কংগ্ৰেছ) সমগ্ৰ দেশৰ 300 খন আসনৰ বাবে প্ৰাৰ্থী মনোনীত কৰাৰ বাবে প্ৰস্তাৱ দিছিলোঁ ৷ বাকী থকা আসনসমূহ আঞ্চলিক দলৰ বাবে এৰি দিয়ক ৷ যদিও তেওঁলোকে এয়া গ্ৰহণ নকৰে তেন্তে আমি অন্য ধৰণে বুজিম ৷’’ মমতাই লগতে কয় ৷

সোমবাৰে পাৰ্ক চাৰ্কাছৰ সম্প্ৰীতি ৰেলীৰ মঞ্চৰ পৰা বংগৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ওপৰত তীব্ৰভাৱে সমালোচনা কৰাৰ সময়ত পশ্চিম বংগত অকলে যুঁজাৰ ইংগিত অধিক স্পষ্ট হৈ পৰিছিল ৷ সেই অনুষ্ঠানৰ পৰাই মমতাই বিজেপিক সমালোচনা কৰি স্পষ্ট কৰি দিছিল যে তেওঁ কংগ্ৰেছৰ সৈতে কাম কৰি গৈছে, অন্ততঃ পশ্চিম বংগত অকলে যুঁজিব ।
কংগ্ৰেছৰ ওপৰত অধিক আক্ৰমণাত্মক হৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ইণ্ডি মিত্ৰজোঁট কাৰো সম্পত্তি নহয় আৰু তাত আঞ্চলিক দলসমূহক মৰ্যাদা দিয়া উচিত । বুধবাৰে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বাওঁ মৰ্চা বা কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নাই বুলি স্পষ্টকৈ কয় মমতা বেনাৰ্জীয়ে ।

পশ্চিমবংগত মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ সৈতে কোনো আলোচনা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে । আনকি তৃণমূল কংগ্ৰেছকো নিমন্ত্ৰণ কৰা হোৱা নাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰালৈ, যিখন পশ্চিমবংগৰ বিভিন্ন জিলাৰ মাজেৰে পাৰ হ’ব । কিন্তু তৃণমূল কংগ্ৰেছ এতিয়াও ইণ্ডি মিত্ৰজোঁটত আছে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশ হ'লেও বংগত ইণ্ডিয়াৰ সৈতে কোনো মিত্ৰতা নাই; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.