ETV Bharat / bharat

ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশ হ'লেও বংগত ইণ্ডিয়াৰ সৈতে কোনো মিত্ৰতা নাই; মমতা বেনাৰ্জী

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:11 PM IST

Mamata on INDIA Seat Sharing : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যখনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব । অৱশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক এতিয়াও ইণ্ডিয়া ব্লকৰ অংশ হৈ আছে বুলিও তেওঁ কয় ।

বংগত ইণ্ডিয়াৰ সৈতে মিত্ৰতা নকৰে মমতাই
বংগত ইণ্ডিয়াৰ সৈতে মিত্ৰতা নকৰে মমতাই

নিউজ ডেস্ক, ২৪ জানুৱাৰী : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকত ৰাজ্যিক পৰ্যায়ত আসন বিতৰণৰ ব্যৱস্থা নহ'ব । কিন্তু তেওঁ এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ভাৰত ব্লকৰ অংশ হৈ থাকিব বুলিও কয় ।

তেওঁ কয় যে তেওঁৰ দলে ৰাজ্যখনৰ আটাইকেইখন লোকসভা আসনত অকলে নিৰ্বাচনত যুঁজিব । আনহাতে, দেশৰ সবাতোকৈ পুৰণি দলটোৰ সৈতে তেওঁৰ আসন ভাগ-বতৰা সন্দৰ্ভত কোনো আলোচনা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে ।

"কংগ্ৰেছ দলৰ সৈতে মোৰ কোনো আলোচনা হোৱা নাই । মই সদায় কৈ আহিছোঁ যে বংগত আমি অকলে যুঁজ দিম ।" মমতাই দৃঢ়তাৰে কয় ।

আনহাতে, পশ্চিমবংগৰ মাজেৰে পাৰ হ'বলগীয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ যাত্ৰা সন্দৰ্ভত কোনো তথ্য নোলোৱাৰ বিষয়েও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে ।

"মই ইণ্ডিয়া ব্লকৰ অংশ । (কংগ্ৰেছ নেতা) ৰাহুল গান্ধীৰ (ভাৰত জোড়ো) ন্যায় যাত্ৰা আমাৰ ৰাজ্যৰ মাজেৰে পাৰ হ'বলৈ গৈ আছে । কিন্তু আমাক এই বিষয়ে অৱগত কৰা হোৱা নাই ।" তেওঁ কয় ।

তেওঁ দাবী কৰে যে সমগ্ৰ দেশতে কি ঘটিব তাক লৈ তেওঁ চিন্তিত নহয় আৰু তেওঁৰ দল ধৰ্মনিৰপেক্ষ । সেয়ে ৰাজ্যখনত গেৰুৱা দলটোক বাধা দিবলৈ যথেষ্ট ভাল পৰিস্থিতিত আছে ।

"দেশত কি কৰা হ'ব তাক লৈ মই চিন্তিত নহয় । কিন্তু আমি এটা ধৰ্মনিৰপেক্ষ দল আৰু বংগত আমি অকলে বিজেপিক পৰাস্ত কৰিম ।" মমতাই কয় ।

লগতে পঢ়ক :সহকৰ্মীৰ ওপৰত গুলীচালনা কৰি অসম ৰাইফলছৰ জোৱানৰ আত্মহত্যা; মণিপুৰত আহত ৬

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.