বৰাকত দেওবাৰে সামৰণি পৰিল ইজতেমাৰ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:43 AM IST

thumbnail

কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰী: দেওবাৰে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰি বৰাকাৱলী তবলিগ জামাতৰ ইজতেমাৰ অন্ত পৰিল । উত্তৰ-পূব মণ্ডলৰ বাৰ্ষিক ইজটেমা শুকুৰবাৰৰ পৰা বদৰপুৰৰ শ্ৰীগৌৰীৰ হাছানপুৰত আৰম্ভ হৈছিল । বৰাকৰ তিনিখন জিলাৰ উপৰিও মিজোৰাম আৰু ডিমা হাচাও জিলাৰ কেইবালাখ ভক্তই অংশগ্ৰহণ কৰিছিল ধৰ্মীয় অনুষ্ঠানটোত । ইজতেমাত তিনি লাখৰো অধিক ইছলাম ধৰ্মাৱলম্বী ভক্তৰ সমাগম হয় ।

মন কৰিবলগীয়া যে, যোৱা 2 জানুৱাৰীৰ পৰা বৰাকৱলী ইজতেমাৰৰ কাম আৰম্ভ হৈছিল । প্ৰাৰম্ভিক পৰ্যায়ত দৈনিক 1000 ৰ পৰা 2000 ৰো অধিক স্বেচ্ছাসেৱকে কাম কৰিছিল । প্ৰায় তিনি লাখ লোক একেলগে বহিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

ইয়াৰ দৈৰ্ঘ 500 মিটাৰ আৰু প্ৰস্থ 400 মিটাৰ । বিশিষ্ট অতিথিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । ইয়াৰ লগতে খোৱাপানীৰো ব্যৱস্থা কৰিছিল আয়োজকলকলে । কৰিমগঞ্জ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনেও সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোৰ দেওবাৰে আছিল অন্তিমটো দিন ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবেই মুখ্য ইমামৰ বিৰুদ্ধে ’ফটোৱা’ জাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.