ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবেই মুখ্য ইমামৰ বিৰুদ্ধে ’ফটোৱা’ জাৰি

author img

By PTI

Published : Jan 30, 2024, 8:12 AM IST

Fatwa issued against chief imam : অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুখ্য ইমামৰ বিৰুদ্ধে 'ফটোৱা' জাৰি ৷ অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত 22 জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে 'ফটোৱা' জাৰি কৰা হৈছে । ক্ষমা বিচাৰিবলৈ আৰু পদৰ পৰা পদত্যাগ কৰিবলৈও কোৱা হৈছে বুলি ইমামগৰাকীক ৷

Chief imam of All India Imam Organisation faces fatwa for participating in Ayodhya ceremony
Chief imam of All India Imam Organisation faces fatwa for participating in Ayodhya ceremony

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লোৱাৰ বাবে অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুখ্য ইমামগৰাকী ফটোৱাৰ সন্মুখীন হ’ব বুলি জানিব পৰা গৈছে ৷ অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ মুখ্য ইমামগৰাকীয়ে সোমবাৰে কয় যে অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত 22 জানুৱাৰীত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে 'ফটোৱা' জাৰি কৰা হৈছে । উক্ত দিনটোৰ পৰাই তেওঁ একাংশ লোকৰ পৰা গালি-গালাজ আৰু 'ফোনযোগে ভাবুকি' লাভ কৰি আহিছে বুলি ইমাম উমেৰ আহমেদ ইলিয়াছিয়েও কয় ।

উল্লেখ্য যে, 22 জানুৱাৰীত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটোত বিভিন্ন সম্প্ৰদায় আৰু শ্ৰেণীৰ 7 হাজাৰৰো অধিক আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে । ইলিয়াছিয়ে কয় যে এজন ব্যক্তিয়ে সামাজিক মাধ্যমযোগে এই ফটোৱাটো তেওঁলৈ জাৰি কৰিছিল ৷ ইয়াৰোপৰি, সকলো ইমাম আৰু মছজিদ কৰ্তৃপক্ষলৈ ফটোৱাটো প্ৰেৰণ কৰি তেওঁলোকক মুখ্য ইমামগৰাকীক বৰ্জন কৰিবলৈ কোৱা হৈছে বুলি জনায় ।

ফটোৱাখনৰ যোগেদি ইমামগৰাকীক ক্ষমা বিচাৰিবলৈ আৰু পদৰ পৰা পদত্যাগ কৰিবলৈও কোৱা হৈছে বুলি ইমামগৰাকীয়ে লগতে উল্লেখ কৰে । তেঁও কয়, " কিহৰ বাবে তেওঁলোকে ফটোৱা জাৰি কৰিলে, তেওঁলোকে জানে ৰাম জন্মভূমি (মন্দিৰ) ট্ৰাষ্টে মোলৈ নিমন্ত্ৰণ পঠিয়াইছিল, যিটো মই মানি লৈছিলো ।"

"তাৰ পিছত দুদিন ধৰি মই ভাবি থাকিলোঁ যে মই কি সিদ্ধান্ত লওঁ, কাৰণ সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিল । কিন্তু তাৰ পিছত মই সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাবে, দেশৰ বাবে আৰু জাতীয় স্বাৰ্থত এই সিদ্ধান্ত লৈছিলো আৰু মই অযোধ্যাৰ উক্ত অনুষ্ঠানত উপস্থিত হৈছিলো ” ইমামগৰাকীয়ে কয় ।

অযোধ্যাবাসীয়ে ইমামগৰাকীক আদৰণি জনায় বুলিও তেওঁ কয় । সকলো সাধু আৰু দৰ্শকে তেওঁক দেখি আনন্দ প্ৰকাশ কৰাৰ লগতে মন্দিৰৰ ট্ৰাষ্টেও তেওঁক আদৰণি জনায় বুলি ইলিয়াছিয়ে কয় ।

"...আমি ভাৰতত বাস কৰো, গতিকে আমি সকলোৱে ভাৰতীয় আৰু আমি সকলোৱে মিলি ভাৰতক শক্তিশালী কৰিব লাগে আৰু ভাৰতীয়ত্বক শক্তিশালী কৰিব লাগে । জাতি সকলোতকৈ আগত । মই যি মুহূৰ্তত এই প্ৰেমৰ বাৰ্তা দিলোঁ, সেই মুহূৰ্ততে সামাজিক মাধ্যম, টেলিফোনযোগে ভাবুকি ভৰা গালি-গালাজ আহিবলৈ ধৰিলে ।"

ইমামগৰাকীয়ে কয়, "মই একো ভুল কৰা নাই, গতিকে মই ক্ষমা বিচৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাছিল ৷ এনে ফটোৱা জাৰি কৰাৰ অধিকাৰ কাৰো নাই ।"

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতত উন্নয়ন হৈছে বুলি ইমামগৰাকীয়ে কয় ।

ইমামগৰাকীয়ে কয়, "ভাৰত চন্দ্ৰত অৱতৰণ কৰিছে ৷ ই বিশ্বগুৰু হোৱাৰ পথত আৰু এই পৰিৱৰ্তিত ভাৰতত আমি একত্ৰিত হ'ব লাগিব, সংগঠিত হ'ব লাগিব, তাৰ পিছতহে দেশ শক্তিশালী হ'ব । যিহেতু এয়া সকলোৰে ভাৰত ।"

লগতে পঢ়ক: ৩০ বছৰত মোৰ মতামত সলনি হোৱা নাই- ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত কমল হাছানৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.