৩০ বছৰত মোৰ মতামত সলনি হোৱা নাই- ৰাম মন্দিৰৰ উদ্বোধনী সন্দৰ্ভত কমল হাছানৰ প্ৰতিক্ৰিয়া
Kamal Haasan on Ram Mandir: ২২ জানুৱাৰীত সমগ্ৰ দেশে উদযাপন কৰিছে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান । ইফালে ৰাম মন্দিৰ উপলক্ষে দক্ষিণৰ মেগাষ্টাৰ কমল হাছানৰ ৩০ বছৰ পুৰণি এটা মন্তব্য পুনৰ চৰ্চালৈ আহিছে ।

Published : January 24, 2024 at 11:00 AM IST
চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: ২২ জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে আছিল এক ঐতিহাসিক দিন ৷ কিয়নো বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত ২২ জানুৱাৰীত অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ । এই মুহূৰ্তটো আছিল সমগ্ৰ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত । এই ঐতিহাসিক দিনটোৰ সাক্ষী হয় বহু ডাঙৰ ডাঙৰ তাৰকা আৰু ৰাজনীতিবিদসকল । আনহাতে এই মুহূৰ্তটো নিজ চকুৰে চাবলৈ অযোধ্যাত বহু লোকৰো সমাগম ঘটে ৷ এই বিশেষ মুহূৰ্তটো নিজৰ চকুৰে উপভোগ কৰি এতিয়া তাৰকাসকলে ছ’চিয়েল মিডিয়াত ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিছে । সকলোৱে নিজৰ নিজৰ পোষ্টৰ জৰিয়তে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে । এনে পৰিস্থিতিত অভিনেতা কমল হাছানেও এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
আচলতে কমল হাছানক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল । যাৰ উত্তৰত কমল হাছানে কয় যে আজিও মোৰ উত্তৰ সেইটোৱে, যিটো ৩০ বছৰ পূৰ্বে আছিল । এতিয়া এই উত্তৰৰ পিচতে পুনৰ চৰ্চাত আহিছে অভিনেতাগৰাকী । দৰাচলতে ১৯৯১ চনত কমল হাছানে বাবৰি মছজিদ সন্দৰ্ভত হোৱা সংৰ্ঘষ সম্পৰ্কে নিজৰ মতামত দাঙি ধৰিছিল । তেওঁ কৈছিল,‘‘ৰাম মন্দিৰ হওক বা বাবৰি মছজিদ হওক, ইয়াৰ কোনো পাৰ্থক্য নাই । কোনো ধৰ্মীয় পাৰ্থক্য নথকা মতাদৰ্শৰ মানুহক মই বিশ্বাস কৰো ।’’
কেৱল এয়াই নহয়, কমল হাছানে ২০০০ চনত তেওঁৰ ‘হে ৰাম’ ছবিখনত এই বিষয়টোৰ ওপৰত বহুত গুৰুত্ব দিছিল । য’ত আছিল ‘ৰামৰ এনালুম, বাবৰ এনালুম স্নেহাম ওনু থান’ শীৰ্ষক গীত, যাৰ আক্ষৰিক অৰ্থ হৈছে ‘ৰাম হওক বা বাবৰ, প্ৰেম একেই’। বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিচত বাবৰি মছজিদ সন্দৰ্ভত মাত মতা ডাঙৰ ব্যক্তিসকলৰ তালিকাত এই অভিনেতাজনৰো নাম অন্তৰ্ভুক্ত কৰা হয় ৷
কমল হাছানে কৈছিল যে বাবৰি মছজিদ ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই । এতিয়া অভিনেতাগৰাকীৰ পুৰণি বক্তব্য আকৌ এবাৰ চৰ্চাৰ বিষয় হৈ পৰিছে । তেওঁৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অতি সোনকালেই তেওঁক আগন্তুক ছবি ‘কে এইচ ২৩৭’ত দেখা যাব। ইয়াৰ উপৰিও তেওঁক কল্কি আৰু ইণ্ডিয়ান ২ৰ দৰে ছবিতো তেওঁক দেখা যাব ।
লগতে পঢ়ক: ৰাম মন্দিৰত জনসমাগমৰ মাজত অমিতাভ বচ্চনক কি সুধিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

