ETV Bharat / entertainment

ৰাম মন্দিৰত জনসমাগমৰ মাজত অমিতাভ বচ্চনক কি সুধিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 12:38 PM IST

Modi greets Amitabh Bachchan: ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ এটা ভিডিঅ’ । এই ভিডিঅ’টোত ৰাম মন্দিৰত দুয়োজনে ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে ।

PM Narendra Modi greets Big B at Ram Temple in Ayodhya
প্ৰধানমন্ত্ৰী মোদী অমিতাভ বচ্চনৰ ভাইৰেল ভিডিঅ’

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পূৰ্ণ ৰীতি-নীতিৰে সম্পূৰ্ণ হয় । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত বলীউডৰ বহু প্ৰবীণ অভিনেতাক আমন্ত্ৰণ জনোৱা হৈছিল । এই তাৰকাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম আছিল অমিতাভ বচ্চনৰ । অভিনেতা পুত্ৰ অভিষেক বচ্চনৰ সৈতে অযোধ্যাত উপস্থিত হৈছিল অমিতাভ বচ্চন । এই সময়চোৱাত বিগ বিক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । প্ৰাণ প্ৰতিষ্ঠা সম্পূৰ্ণ হোৱাৰ পিচৰ সময়চোৱাৰ অমিতাভ বচ্চন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল ।

ভিৰৰ মাজত থকা অমিতাভ বচ্চনৰ ওচৰ পালেগৈ প্ৰধানমন্ত্ৰী মোদী

ভাইৰেল ভিডিঅ’টোত দেখা যায় প্ৰাণ প্ৰতিষ্ঠাৰ পিচত ৰাম মন্দিৰলৈ অহা সকলো অতিথিক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । ইফালে ভিৰৰ মাজত ঘেৰি থকা অমিতাভ বচ্চনৰ ওচৰ পায়গৈ প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰী মোদী আৰু অমিতাভ বচ্চনে ইজনে সিজনক হাতযোৰ কি শুভেচ্ছা জ্ঞাপন কৰে । এই সময়চোৱাত দুয়োজনে হাঁহি থকা যায় ।

ভিৰৰ মাজত অমিতাভ বচ্চনক কি সুধিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

আচলতে ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে পিএম মোদীয়ে অমিতাভ বচ্চনক তেওঁৰ হাতৰ অস্ত্ৰোপচাৰৰ বিষয়ে সুধিছে । ইয়াৰ পিচত অমিতাভ বচ্চনে তেওঁৰ সোঁহাতৰ ফালে আঙুলিয়াই দিয়ে । দৰাচলতে শেহতীয়াকৈ অমিতাভ বচ্চনে তেওঁৰ হাতৰ অস্ত্ৰোপচাৰ কৰা বুলি প্ৰকাশ কৰিছিল । বিগত বছৰ টিভিৰ জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা ক্ৰোৰপতি’ত বিগ বিক হাতত বেণ্ডেজ পৰিধান কৰি থকা দেখা গৈছিল ।

প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰে এইসকল চেলিব্ৰিটিয়ে

উল্লেখ্য যে, অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ উপৰিও ৰজনীকান্ত, ৰণবীৰ কাপুৰ, আলিয়া ভাট, চিৰঞ্জীৱী, কেটৰিণা কাইফ, বিকি কৌশল, পৰিচালক ৰোহিত শেট্টী, আয়ুষ্মান খুৰানা, গায়ক শংকৰ মহাদেৱন, চনু নিগম, পৰিচালক মধুৰ ভন্দৰকাৰ আৰু অভিনেত্ৰী মাধুৰী দীক্ষিত নেনে, মাধুৰীৰ স্বামী শ্ৰীৰাম নেনেকে ধৰি বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: ভিডিঅ’ মেছেজৰ জৰিয়তে অক্ষয়-টাইগাৰে জনালে শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.