ইটাভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 2:13 PM IST

thumbnail

জনীয়া,২৭ জানুৱাৰী: শিমলাবাৰী বিকল্প ৰাজ্যিক ঘাইপথত ইটাভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য । পুৱতি নিশা তীব্ৰবেগী ইটাভৰ্তি ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত আহত দুয়োখন বাহনৰ চালক, হেণ্ডিমেনসহ ৪ জন । আহতসকলক সংকটজনক অৱস্থাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ ।  

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত স্থানত গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে যদিও কোনো কানসাৰ দিয়া নাই । যাৰ বাবে সঘনাই এনেকুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ইফালে নিশা ৰাজ্যিক ঘাইপথেৰে শ শ ইটাভৰ্তি ট্ৰাক, বলেৰোয়ে ত্ৰাসৰ সৃষ্টি কৰিছে যদিও প্ৰশাসনে চকুমুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। 

লগতে পঢ়ক: চিলাপথাৰত দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি উন্মোচন ৰামদাস আঠাৱালেৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.