ETV Bharat / state

চিলাপথাৰত দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি উন্মোচন ৰামদাস আঠাৱালেৰ

Dalbir Singh Lohar : দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি আৰু আগছুৰ শ্বহীদ বেদী উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ ৷ ধেমাজি জিলা আগছুৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত চিলাপথাৰ গোৰ্খা ভৱন‌ প্ৰাংগনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান ৷

Dalbir Singh Lohar
চিলাপথাৰ গোৰ্খা ভৱন‌ প্ৰাংগনত বিশেষ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 10:54 PM IST

2 Min Read
Choose ETV Bharat
চিলাপথাৰত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে

জোনাই, 26 জানুৱাৰী : চিলাপথাৰত স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি আৰু আগছুৰ শ্বহীদ বেদী উন্মোচন ৷ এই উপলক্ষে ভাৰতীয় কামি উন্নয়ন পৰিষদ আৰু ধেমাজি জিলা আগছুৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত চিলাপথাৰ গোৰ্খা ভৱন‌ প্ৰাংগনত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ পুৱা ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে জোনাইৰ বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ভূৱন পেগুৱে ৷ ইয়াৰ পাছতেই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে সাংসদ প্ৰদান বৰুৱাই ৷

8 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা আগছুৰ শ্বহীদ বেদী উন্মোচন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰীয়ে ৷ ইয়াৰ পিছতে 18 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা স্বাধীনতা সংগ্ৰামী দলবীৰ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন কৰে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালেই ৷ অনুষ্ঠানত দলবীৰ সিঙৰ কনিষ্ঠ পুত্ৰ মুক্তি সিং লোহাৰো উপস্থিত থাকে ৷

ভাৰতীয় কামি উন্নয়ন পৰিষদৰ ৰাজ্যিক সমিতিৰ সভাপতি শেখৰ চিৰুৱালে সভাপতিত্ব কৰা মুকলি সভা উদ্ধোধন কৰে জোনাইৰ বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ভূৱন পেগুৱে ৷ মুকলি সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠাৱালে কয় যে, দলবীৰ সিং লোহাৰ এগৰাকী মহান দেশপ্ৰেমিক আছিল ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যথেষ্ঠ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল বুলি উল্লেখ কৰে তেওঁ ৷ লগতে গোৰ্খা জনগোষ্ঠীৰ প্ৰথমগৰাকী বিধায়ক হিচাপে মহান স্বাধীনতা সংগ্ৰামী গৰাকীয়ে সমাজৰ উন্নয়ন আৰু বিকাশৰ বাবে স্মৰণীয় অৱদান আগবঢ়াই গৈছে বুলি বক্তব্য আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

অনুষ্ঠানত আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, ভাৰতীয় কামি উন্নয়ন পৰিষদৰ কাৰ্যকৰী সভাপতি দ্বীপেন কলিকতে, সাধাৰণ সম্পাদক মনোজ শংকৰ, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি টন অজি তৰা, গোৰ্খা স্বায়ত্ত শাসন দাবী সমিতিৰ সভাপতি হৰ্ষ বাহাদুৰ ছেত্ৰী, উপ-সভাপতি গণেশ বিশ্বকৰ্মা, সদৌ অসম গোৰ্খা সন্মিলনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি বিঞ্চু প্ৰধান উপস্থিত থাকে ৷

লগতে পঢ়ক : উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতি আগবাঢ়ি যাব লাগিব : এবছু