ETV Bharat / state

উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতি আগবাঢ়ি যাব লাগিব : এবছু

Dhemaji Bodo Students Union: সোণাপুৰত ধেমাজি জিলা বড়ো ছাত্র সন্থাৰ ২৯ সংখ্যক অধিৱেশন সম্পন্ন । মুকলি সভাখন উদ্ধোধন কৰে এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্মই ।

Dhemaji Bodo Students Union
নিখিল বড়ো ছাত্র সন্থা
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 6:10 PM IST

3 Min Read
Choose ETV Bharat
নিখিল বড়ো ছাত্র সন্থা

জোনাই, ২৬ জানুৱাৰী: নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন বৃহস্পতিবাৰে জোনাইৰ সোণাপুৰ গাঁৱৰ থৰ্লা বসুমতাৰী বড়ো এম ই স্কুল প্ৰাঙ্গণত অনুষ্ঠিত হয় । পুৱা স্বচ্ছতা অভিযানৰ পিচত পতাকা উত্তোলন কৰে এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে । শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা এবছুৰ উপ সভাপতি সুৰজিৎ নাৰ্জাৰীয়ে । ইয়াৰ পিচতেই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ধেমাজি জিলা এবছুৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে ।

প্ৰতিনিধি পঞ্জীয়ন কৰাৰ পিচত পুৱা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । পুৱা ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভাখন উদ্ধোধন কৰে এবছুৰ প্ৰাক্তন সম্পাদক ভদ্ৰ কুমাৰ ব্ৰহ্মই । প্ৰতিনিধি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্মই । দিনৰ ২-৩০ বজাৰ পৰা ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰি এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্মই কয় যে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ যুগান্তকাৰী চিন্তা আৰু আদৰ্শৰে বড়ো জাতি আগবাঢ়ি যাব লাগিব । তেওঁৰ বহনক্ষম উন্নয়নৰ যি সপোন তাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে এবছুয়ে ছাত্র-ছাত্ৰী সকলক গুণগত মানৰ শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি তেওঁ বক্তব্য আগবঢ়ায় । এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক গৰাকীয়ে ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাৰ লগতে কৃষক সকলে বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে যাতে স্বাৱলম্বী হ'ব পাৰে সেই লক্ষ্য আগত ৰাখি এবছুৱে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে বুলি কয় ।

ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই আঁতধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হ'ল যদিও চুক্তিৰ দফা সমূহ চাৰি বছৰ পূৰ্ণ হোৱাৰ সময়তো অধিকাংশ দফা কাৰ্যকৰী হোৱা নাই । চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ চমুকৈ বি কে ডব্লিউ এ চি গঠন হ'ল । কিন্তু বি কে ডব্লিউ এ চিৰ গাঁও চিনাক্তকৰণ,সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ অজুহাতত বি কে ডব্লিউ এ চিলৈ চৰকাৰে শকত পুঁজি আৱন্টন দিয়া নাই বুলি মন্তব্য় কৰি অন্তৱৰ্তীকালীন স্বায়ত্ত পৰিষদখনক চৰকাৰে আৱন্টন দিয়া তেৰ কোটি পঞ্চাশ লাখ টকাৰে ধুবুৰীৰ পৰা শদিয়ালৈ আৰু বি কে ডব্লিউ এ চিৰ অন্তৰ্গত বৰাক উপত্যকাৰ উন্নয়ন কোনো প্ৰকাৰে উন্নয়ন সম্ভৱ নহয় বুলি কয় ।

মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । এই সভাখনত ধেমাজি জিলা এবছুৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে কয় যে বড়ো সকল শক্তিশালী আৰু প্ৰগতিশীল জাতি হিচাপে গঢ়ি তুলিবলৈ বড়ো জাতীয় সংগঠন সমূহে উমৈহতীয়া চিন্তাৰে আগবাঢ়ি যাব লাগিব । সভাত জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দিলিপ বসুমতাৰী, ধেমাজি জিলা এবছুৰ উপদেষ্টা লখেন বসুমতাৰী,ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, ইউবিপিঅ'ৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক অশোক দৈমাৰী,বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি মাণিক বড়ো,জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও আদি উপস্থিত থাকে ।

লগতে পঢ়ক:গণৰাজ্য দিৱসত মহাত্মা গান্ধী আৰু আম্বেদকাৰক স্মৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ