গণৰাজ্য দিৱসত মহাত্মা গান্ধী আৰু আম্বেদকাৰক স্মৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - ranjeet kumar dass in dibrugarh

🎬 Watch Now: Feature Video

thumbnail
মহাত্মা গান্ধী আৰু আম্বেদকাৰক স্মৰণ (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 12:54 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 26 জানুৱাৰী: ডিব্ৰুগড় জিলাৰ খনিকৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে জিলা প্ৰশাসনৰ উদ্যোগত 75 সংখ্যক গণৰাজ্য দিৱস ৷ খনিকৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত জিলা প্ৰশাসনৰ 75 সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ‍্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । অভিভাৱক মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ।  

ইয়াৰ পিচতেই মন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী মহাত্মা গান্ধীৰ লগতে সংবিধান প্ৰণেতা আমেবেদকাৰক সোঁৱৰে ৷ ইয়াৰ পিচতে কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনিসমূহৰ বিষয়ে বক্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ‍্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ‍্যক্ষ অসীম হাজৰিকাকে ধৰি প্ৰশাসনিক বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আম্বেদকাৰক সুঁৱৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই

ABOUT THE AUTHOR

...view details