ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আম্বেদকাৰক সুঁৱৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:00 AM IST

thumbnail

গুৱাহাটী, 26 জানুৱাৰী : আজি দেশৰ 75 সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়তো উলাহ-মালহেৰে গণৰাজ্য দিৱস পালন কৰা হয় ৷ গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ চৌহদত দেশৰ 75 তম স্বাধীনতা দিৱসৰ পতাকা উন্মোচন কৰে সভাপতি ভৱেশ কলিতাই ৷ সভাপতিগৰাকীয়ে পতাকা উন্মোচন কৰি ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

লগতে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশ আজি প্ৰগতিৰ দিশত বুলি উল্লেখ কৰে ৷ বিজ্ঞান, প্ৰযুক্তি, কূটনীতি, বৈদেশিক নীতি আদি সকলো দিশতে ভাৰত বিশ্বৰ বুকুত এক শক্তিধৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হৈছে বুলি সভাপতিগৰাকীয়ে দাবী কৰে । অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে দলৰ জ্যেষ্ঠ নেতা তথা কাৰ্যকর্তাসকল উপস্থিত থাকে । 

লগতে পঢ়ক: পেৰেড অনুষ্ঠানত ভাগ ল’বলৈ অসমৰ পাঁচগৰাকী স্বেচ্ছসেৱকক নতুন দিল্লীলৈ নিমন্ত্ৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.