দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া - মৰিগাঁও আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail
দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 2:56 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও, 27 ফেব্ৰুৱাৰী: মঙলবাৰে মৰিগাঁৱত দিনযোৰা কাৰ্যসূচীৰ উপস্থিত হয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । জানিব পৰা মতে পুৱা মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ মৰিগাঁও আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰি জিলা আয়ুক্ত ভৱনত জিলা প্ৰশাসনৰে সৈতে বিভিন্ন আঁচনিৰ বুজ লয় । কেবাঘন্টা ধৰি জিলাখনৰ বিভিন্ন আঁচনিৰ বিষয়ে বুজ লোৱাৰ পিচত বিয়লি 3 বজাত মৰিগাঁও ছহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ ল'ব বুলি জানিব পৰা গৈছে ।

ইয়াৰ পিছতে ৰাজ্যপালগৰাকী উপস্থিত হ’ব শলমাৰী গাঁও পঞ্চায়ত খণ্ডৰ অন্তৰ্গত এটা আঁচনি । তৃতীয়তে, দমাল কলঙৰ খহনীয়া ৰোধৰ বাবে ৰূপায়িত জিঅ’ বেগ আঁচনিখন পৰিদৰ্শন কৰিব ৰাজ্যপাল কাটাৰীয়াই । ইয়াৰ পিচতে কাৰ্যসূচী হিচাপে দমাল বেতনীৰ প্ৰভাকৰ পোণা ডেকাৰ ড্ৰেগন ,আপেল, বগৰী আৰু কাজি নেমুৰ খেতি আৰু খেতিয়ক পোণা ডেকাৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰি মৰিগাঁও মেডিকেল কলেজৰ নিৰ্মাণৰ বুজ ল’ব বুলি জানিব পৰা গৈছে ৷ 

দুচকীয়া বাহন চলোৱাসকলক হেলমেট পৰিধান কৰিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনাইছে ৰাজ্যপালগৰাকীয়ে ৷ বিয়লি 4.30 বজাত দিনযোৰা কাৰ্যসূচীৰ সামৰণি মাৰিব বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক "সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজহিতৈষী বঁটা" প্ৰদান