গোগামুখত কাইলৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নিৰ্মাণ দক্ষতা বিকাশ কেন্দ্ৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:01 PM IST

thumbnail

ধেমাজি , ৬ ফেব্ৰুৱাৰী: উত্তৰ অসমৰ শিক্ষিত নিৱনুৱা যুৱকৰ বাবে সুখৱৰ ৷ কাইলৈ (বুধবাৰ) গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য জীৱন জীৱিকা গৱেষণা কেন্দ্ৰৰ চৌহদত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নিৰ্মাণ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ ৷ প্ৰতিমাহে চাৰি শতাধিক যুৱকে পাঁচটা বিভাগত প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপনৰ বাট মুকলি কৰিব পাৰিব ভাৰতৰ প্ৰতিষ্ঠিত নিৰ্মাণকাৰী সংস্থা এল এণ্ড টিত ৷

পকা মিস্ত্ৰি, পাইপ, ষ্ট্ৰীল বেণ্ডিং, টাইলছকে ধৰি মুঠ পাঁচটা শিতানত তিনিমহীয়া প্ৰশিক্ষণ ল'ব পাৰিব ৷ অসম চৰকাৰৰ দক্ষতা বিভাগ, শ্ৰম বিভাগ আৰু এল এণ্ড টিৰ মাজত ইতিমধ্যে বুজাবুজিৰ এক চুক্তি সম্পাদন হৈছে ৷ য'ত এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰিব এল এণ্ড টিয়ে ৷ কাইলৈ মুকলি কৰিবলগীয়া এই নিৰ্মাণ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি কয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ।

লগতে পঢ়ক : ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.