শনিবাৰে পুৱা আৰক্ষীয়ে আটক কৰিলে কৃষক নেতা বিদ্যুৎ শইকীয়াক

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 12:00 PM IST

Updated : Jan 20, 2024, 1:57 PM IST

thumbnail

গোলাঘাট, 20 জানুৱাৰী : শনিবাৰে পুৱা নিশা কৃষক নেতা বিদ্যুৎ শইকীয়াক আটক কৰে ফৰকাটিং আৰক্ষীয়ে ৷ ফৰকাটিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তৱ মণি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই গোলাঘাটৰ গোৱাল গাঁওস্থিত তেওঁৰ বাসগৃহৰ পৰা আটক কৰে শইকীয়াক ৷ কি কাৰণে আৰক্ষীয়ে নেতাগৰাকীক আটক কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ বৰ্তমান গোলাঘাট সদৰ আৰক্ষী থানাত ৰখা হৈছে শইকীয়াক ৷

আনহাতে, শিৱসাগৰৰ বৰাহীবাৰীস্থিত নিজা বাসগৃহৰ পৰাই আজি পুৱা আমগুৰি আৰু হালোৱাটিং আৰক্ষীয়ে আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদকক ৰিতুমণি হাজৰিকাক ।

ইফালে কোনো কাৰণ নোহোৱাকৈ আটক কৰা কৃষক মুক্তিৰ নেতাদ্বয়ক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে আৰক্ষীক আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতৰ বিষয়ববীয়াই ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত থকাৰ সময়ত কোনো আন্দোলন যাতে কৰিব নোৱাৰে সেইবাবেই কৃষক নেতাগৰাকীক আটক কৰাৰ অভিযোগ বীৰ লাচিত সেনাৰ বিষয়ববীয়াৰ ৷

ইফালে অচিৰেই কৃষক নেতাজনক মুক্তি দিবলৈ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক : লাখপতি হোৱাৰ মন, পঞ্চায়ত কাৰ্যালয়ত ব্যাপক ভিৰ

Last Updated : Jan 20, 2024, 1:57 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.