প্ৰবীণ মুক্তিযুঁজাৰু জীতেন্দ্ৰ নাথ শৰ্মাৰ 101 বছৰ বয়সত দেহাৱসান - Freedom fighter Jitendra Nath Sarma

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 9:46 PM IST

thumbnail

বাক্সা, 25 মাৰ্চ : ৰাজ্যৰ এগৰাকী প্ৰবীণ মুক্তিযুঁজাৰু, সদৌ অসম মুক্তিযুঁজাৰু সন্থাৰ সভাপতি জীতেন্দ্ৰ নাথ শৰ্মাৰ আজি 101 বছৰ বয়সত বাধ্যৰ্কজনিত কাৰণত দেহাৱসান ঘটে ৷ 1942 ৰ স্বাধীনতা আন্দোলনত কাৰাবাস খটা জীতেন্দ্ৰ নাথ শৰ্মাই জাতিৰ পিতা মহাত্মা গান্ধীৰো সান্নিধ্য লাভ কৰিছিল ৷ এইগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যুৰ লগে লগে তেওঁৰ বাসগৃহত গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হয় ৷

বৰমা অঞ্চলৰ প্ৰায়বোৰ দল-সংগঠনে শোভাযাত্ৰা কৰি বৰমা আছুৰ কাৰ্যালয়ত প্ৰয়াত জীতেন্দ্ৰ নাথ শৰ্মাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ শোভাযাত্ৰাৰ অন্তত নিজ বাসগৃহত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰবীণ মুক্তিযুঁজাৰুগৰাকীৰ ৷  

শেষকৃত্যত বাক্সাৰ জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, শতাধিক গুণমুগ্ধ উপস্থিত থাকে ৷ 
 

লগতে পঢ়ক :  লখৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন - Road Accident In Lokhra

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.