কলিয়াবৰ চাহ বাগিচাত পুনৰ গঁড়ৰ মুক্ত বিচৰণ - Rhino Roaming Freely In Kaliabar

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 3:46 PM IST

thumbnail

কাজিৰঙা,১০ এপ্ৰিল: যেন মিনি কাজিৰঙালৈহে পৰিণত হৈছে কলিয়াবৰ ! বিভিন্ন সময়ত বন্য জীৱ-জন্তুৰ মুক্ত বিচৰণে ত্ৰাসিত কৰি আহিছে কলিয়াবৰৰ ৰাইজক । এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা খাদ‍্যৰ সন্ধানত ওলাই আহি কলিয়াবৰ চাহ বাগিচা এলেকাত মুক্ত বিচৰণ কৰিছেহি দুটাকৈ গঁড়ে । দিনৰ ভাগত শিলঘাট সংৰক্ষিত বনাঞ্চলত থাকে যদিও মাজে-মাজে বাগিচাৰ মাজলৈ ওলাই আহে গঁড় দুটা ।  

ইয়াকে লৈ কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকসকল আতংকিত হৈ পৰিছে । গঁড় দুটাই শ্ৰমিকক খেদিও আহিছে বুলিও স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে । বন বিভাগৰ লোকে পহৰা দি আছে যদিও শংকামুক্ত হ'ব পৰা নাই শ্ৰমিকসকল । গঁড় দুটাৰ এটা গঁড়ৰ শৰীৰত কিছু আঘাত দেখা পাইছে প্ৰত্যক্ষদৰ্শীয়ে । দুটা গঁড়ৰ মাজত হোৱা যুঁজৰ বাবেই এই আঘাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । 

লগতে পঢ়ক: মাজুলীত পুখুৰীত আৱদ্ধ এশিঙীয়া গঁড় - Rhino Roaming Freely In Majuli

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.