সোণাৰিত ৰে'লৰ টিকট জালিয়াতি কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video

Published : January 24, 2024 at 2:26 PM IST
মৰাণ, ২৪ জানুৱাৰী : চৰাইদেউ জিলাৰ সোণাৰিত ৰে'লৰ টিকট জালিয়াতি কৰি ৰে'লৱেক প্ৰৱঞ্চনা কৰাৰ অভিযোগত দুই যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। শিমলুগুৰি ৰে'ল আৰক্ষীয়ে সোণাৰিৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৰিকি দাস আৰু পিণ্টু দত্ত নামৰ দুই যুৱকক । ৰে'ল আৰক্ষীয়ে সদৰী কৰা অনুসৰি প্ৰৱঞ্চনাৰে ৰে'লৰ টিকত বিক্ৰী কৰিছিল দুই যুৱকে । অনলাইন যোগে ৰে'লৰ টিকট বিক্ৰীৰ বাবে দুয়োজন যুৱকৰ পঞ্জীয়ন আছিল যদিও অধিক মুনাফা অৰ্জনৰ বাবে ব্যক্তিগত আই ডি ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি ৰে'লৰ টিকট বিক্ৰী কৰি আহিছিল দুই প্ৰৱঞ্চকে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰি আৰক্ষীৰ সহযোগত মঙলবাৰে নিশা শিমলুগুৰিস্থিত ৰে'ল আৰক্ষীয়ে সোণাৰি চহৰৰ মাজমজিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিকি আৰু পিণ্টুক । বিজেপি নেতাৰ অতি ঘনিষ্ঠ বুলি চিনাকী দি ফুৰা দুয়োটা প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰে'লৱে আইনৰ অধীনত ৰুজু হৈছে গোচৰ । দুয়োটাকে বৰ্তমানৰ শিমলুগুৰি ৰে'লৱে আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ।
লগতে পঢ়ক:ন্যায় যাত্ৰাত বাধা: বিজেপিয়ে সহায়হে কৰিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ