ETV Bharat / politics

ন্যায় যাত্ৰাত বাধা: বিজেপিয়ে সহায়হে কৰিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 5:08 PM IST

Rahul Gandhi: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্য়ায় যাত্ৰাত বাধা প্ৰদান কৰি কংগ্ৰেছক লাভান্বিত কৰা বুলিহে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে ৷ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা আৰু টকা থাকিলে যি ইচ্ছা সেয়াই কৰিব পাৰি বুলি ভাবে বুলিও মন্তব্য ৰাহুল গান্ধীৰ ৷

Rahul Gandhi in Assam
ভাৰত জোড়ো ন্য়ায় যাত্ৰা

বিজেপিয়ে সহায়হে কৰিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ

গুৱাহাটী, ২৩ জানুৱাৰী : বিজেপিয়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দি এই যাত্ৰাক বেছি সফল কৰি তুলিছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । কামৰূপ জিলাৰ হাজোৰ দমদমাৰ ওচৰত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘ এই যাত্ৰাক যিমান বাধা দিব সিমানে এই যাত্ৰা সফল‌ হ’ব ।’’

ৰাহুল গান্ধীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দি আচলতে আমাক সহায় কৰিছে । মন্দিৰত যোৱাত বাধা দিছে । স্কুল-কলেজৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগত সাক্ষাৎ কৰাত বাধা দিছে । কিন্তু এই বাধা নেওচি সকলো ছাত্ৰ-ছাত্ৰীসকল স্কুল-কলেজৰ পৰা বাহিৰলৈ আহি ভাষণ শুনিছে । এই বাৰ্তা সমগ্ৰ দেশবাসীৰ ওচৰলৈ গৈছে ।’’

কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাক আৰক্ষীয়ে মাৰপিট কৰাৰ ঘটনা সন্দৰ্ভত সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ‘‘ এয়া সামান্য কথা ।‌ ইয়াক লৈ কংগ্ৰেছ দলে ভয় নকৰে । মোক আক্ৰমণ কৰিলেও মই ভয় নকৰো । অন্যায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব ।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ দেশৰ শ্ৰেষ্ঠ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী হিচাবে অভিহিত কৰি গান্ধীয়ে কয়, ‘‘ হিমন্ত বিশ্ব শৰ্মাই ভাবে যে যেতিয়া ক্ষমতা আৰু টকা থাকে যি ইচ্ছা সেয়া কৰিব পাৰি । এয়া অসমৰ সংস্কৃতি নহয় । এয়া নাগপুৰৰ সংস্কৃতি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগপুৰৰ সংস্কৃতি অনুসৰণ কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ অসমবাসীৰ কণ্ঠ নহয়, সেয়া শৰ্মাই বুজা উচিত ।’’

তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই অসমখন চলাই থকা নাই । দিল্লীৰ পৰাহে অসম চলাই থকা হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াৰোপৰি কয়, ‘‘ বাকী ৰাজ্যত বিশেষকৈ বিহাৰ আৰু পশ্চিম বংগত ‘ইণ্ডিয়া’ৰ সহযোগী দলসমূহে সহযোগ কৰিব পাৰে । তাত আমাৰ আপত্তি নাই । কাৰণ ইতিমধ্যে মই আৰু কংগ্ৰেছে দলসমূহক যাত্ৰাত সহযোগ কৰাৰ বাবে আহ্বান জনাইছো ।’’

সংবাদমেলখনত ৰাহুল গান্ধীয়ে লগতে কয়, ‘‘ দেশত এতিয়া এফালে মোদী-আৰ এছ এছ আৰু আনফালে ‘ইণ্ডিয়া’ । ‘ইণ্ডিয়া’ৰ লগত এতিয়াও ৭০ শতাংশ ভোট আছে ।’’

উল্লেখযোগ্য যে সোমবাৰে গুৱাহাটীৰ পিচতে কামৰূপ জিলাৰ হাজোত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ।‌ আৰক্ষীৰ তীব্ৰ বাধাৰ মাজেৰে গুৱাহাটী মহানগৰীৰ কাষেৰে যোৱা ৰাহুল গান্ধীৰ যাত্ৰাৰ পিচত দিনত ৰাহুল গান্ধীয়ে হাজোত প্ৰৱেশ কৰে ৷ পুৱাৰ ভাগত আৰক্ষীৰ হাতত খানাপাৰাত অসম প্ৰদেশৰ সভাপতি ভূপেন বৰাসহ কেবাগৰাকী বিধায়ক আহত হয় । তদুপৰি খানাপাৰাৰ পৰা জালুকবাৰী পৰ্যন্ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকল আৰক্ষীৰ তীব্ৰ বাধাৰ সম্মুখীন হোৱা দেখা যায় ।

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.