ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন - সভাপতি ভূপেন বৰা

Bharat Jodo Nyay Yatra: গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাত বাধা ভাৰত জোড়ো ন্যায় যাত্ৰাক ৷ তিনিখনকৈ বেৰিকেড ভাঙি মহানগৰীত প্ৰৱেশ কৰিলে কংগ্ৰছেৰ নেতা-কৰ্মীয়ে ৷ তাৰ পিচতেই উত্তপ্ত হ’ল পৰিস্থিতি ৷

Bharat Jodo nyay yatra
ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন
author img

By ETV Bharat Assamese Team

Published : January 23, 2024 at 2:52 PM IST

Updated : January 23, 2024 at 3:21 PM IST

4 Min Read
ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

গুৱাহাটী, 23 জানুৱাৰী: অসম চৰকাৰৰ প্ৰবল বাধা স্বত্বেও গুৱাহাটীত বীৰদৰ্পে প্ৰৱেশ কৰি আৰক্ষীৰ সকলো বেৰিকেড ওফৰাই শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্রাই । যাৰ ফলত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ । আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰাত কংগ্ৰেছৰ বহু নেতা-কৰ্মী আৰু সমৰ্থক আহত হয় । আনহাতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে হোৱা হতাহতিত প্ৰতিবাদকাৰীৰ লগতে আৰক্ষীৰ লোকো আহত হয়। এক কথাত আজি কইনাধৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰণক্ষেত্রলৈ পৰিণত হয় ।

আৰক্ষীৰে হোৱা হতাহতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি বহুকেইজন নেতা আৰু কৰ্মী আহত হয়। লক্ষণীয় বিষয় যে, দিছপুৰত কম্পনৰ সৃষ্টি কৰি আজি গুৱাহাটীত প্ৰৱেশ কৰিলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাই । শ্বিলঙৰ পৰা যোৰাবাট হৈ ৰাহুল গান্ধী গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ লগে লগেই সন্মূখীন হয় ব্যাপক প্ৰত্যাহ্বানৰ । ৰাহুল গান্ধীৰ ন্যায় যাত্রাক কেন্দ্ৰ কৰি আজি গুৱাহাটীত সমৰসজ্জা সদৃশ পৰিৱেশ গঢ়ি তোলা হয়। বিশেষকৈ খানাপাৰা অঞ্চলত অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ঠায়ে ঠায়ে ন’ এন্ট্ৰী ফলক লগাই যানবাহনৰ স্বাভাৱিক চলাচলত বাধা আৰোপ কৰা হয় । ৰাহুল গান্ধীৰ যাত্রাই যাতে গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে খানাপাৰা অঞ্চলত বৃহৎ সংখ্যক নিৰাপত্তৰক্ষী নিযোজিত কৰাৰ উপৰি বৃহৎ বেৰিকেড গঢ়ি তোলা হয় ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত যাত্রা ন্যায় যাত্রাক অসম চৰকাৰে গুৱাহাটীৰ ভিতৰত প্ৰৱেশৰ বিপৰীতে খানাপাৰা হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে ওলাই যোৱাৰ অনুমতি প্ৰদান কৰে । গুৱাহাটীত প্ৰৱেশ কৰিব নিদিয়াক লৈ ক্ষোভিত হৈ থকা কংগ্ৰেছে কিন্তু আজি অসম চৰকাৰৰ সকলো বাধা নেওচি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে । ৰাহুল গান্ধীৰ ন্যায় যাত্রা খানাপাৰা অতিক্ৰমী কইনাধৰাত উপস্থিত হোৱাৰ পাচতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । কইনাধৰাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হোৱা কংগ্ৰেছৰ হাজাৰ হাজাৰ নেতা-কৰ্মী আৰু সমৰ্থক ৰাজপথলৈ ওলাই আহে । বিশেষকৈ আৰক্ষীৰ সকলো বেৰিকেড ওফৰাই আগুৱাই যায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভূপেন বৰাই আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই যায় । এইক্ষেত্রত তেওঁক সহযোগ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা নন্দিতা দাস, বিধায়ক শিৱামণি বৰাকে ধৰি ভালেসংখ্যক নেতাই । কংগ্ৰেছৰ হাজাৰ হাজাৰ নেতা-কৰ্মী আৰু সমৰ্থকৰ প্ৰতিবাদ আৰু যুদ্ধংদেহী মনোভাৱ দেখি জপিয়াই পৰে আৰক্ষীৰ লোক। কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আৰক্ষীয়ে লগোৱা লোহা আৰু বাঁহৰ সকলো বেৰিকেড ভাঙি পথৰ পৰা আঁতৰাই দিয়ে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে যদিও কংগ্ৰেছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় ।

আৰক্ষীৰে খণ্ডযুদ্ধত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আহত হোৱাৰ উপৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰ গুৰুতৰভাৱে আহত হয়। কংগ্ৰেছৰ আন বহুকেইজন নেতা-কৰ্মী আৰক্ষীৰ লাঠিচালনাত আহত হয় । এক কথাত কংগ্ৰেছ প্ৰতিবাদত নিৰুপায় হৈ পৰে আৰক্ষী। প্ৰায় এঘণ্টা ধৰি কইনাধৰা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰণক্ষেত্র হৈ পৰে । আনহাতে এই সমস্ত ঘটনা ৰাহুল গান্ধীৰ সন্মুখতে সংঘটিত হয় । ৰাহুল গান্ধীয়ে তেওঁৰ বিশেষ বাহনৰ ওপৰত উঠি সমস্ত ঘটনা প্ৰত্যক্ষ কৰে ।

লক্ষণীয় বিষয় যে, ৰাহুল গান্ধীৰ ন্যায় যাত্রাৰ বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসম আৰক্ষীৰ সকলো বাধা নেওচি কিছুদূৰ গুৱাহাটী সংযোগী পথলৈ আগুৱাই আহে । এক কথাত অসম চৰকাৰৰ দৰ্প চূৰ্ণ কৰাৰ বাবেই ৰাহুল গান্ধীৰ বাহনখন কিছু দূৰ আগুৱাই অনা হয় । ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোকে সম্বোধন কৰি কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভয়তে ন্যায় যাত্রাক গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে । অসমত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্রাক বিফল কৰাৰ বাবে বাৰম্বাৰ বাধা প্ৰদান কৰা হৈছে। কিন্তু অসম চৰকাৰৰ সকলো বাধা তথা প্ৰত্যাহ্বান নেওচি আগুৱাই গৈছে ন্যায় যাত্রা । এই সমস্ত সময়ছোৱাত বৃহত্তৰ খানাপাৰা অঞ্চলত সৃষ্টি হয় প্ৰচণ্ড যানজঁটৰ ৷

কংগ্ৰেছৰ কাৰ্যকৰ্তাই কাকো ভয় নকৰে বুলি সদৰী কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ সকলো বাধা নেওচি নিজৰ লক্ষ্যত উপনীত হ'ব ।

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক বাধা দিবলৈ খানাপাৰাত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

Last Updated : January 23, 2024 at 3:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.