চিৰাঙৰ হাতীপোতাত গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 8:27 PM IST

thumbnail

চিৰাং, 26 জানুৱাৰী : চিৰাঙত ঘৰে ঘৰে পাইপেৰে ৰন্ধন গেছ যোগান ধৰাৰ প্ৰস্তুতি ৷ ঘৰে ঘৰে পাইপ লাইনৰ জৰিয়তে গেছ যোগান ধৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে ৷ সেই উদ্দেশ্যৰে আদানী টোটেল গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন ৷

চিৰাং জিলাৰ হাতীপোতাত আধাৰশিলা স্থাপন গেছ পাইপ লাইন প্ৰকল্পৰ ৷ আগন্তুক দুবছৰৰ ভিতৰৰ বঙাইগাঁও, চিৰাং জিলা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ঘৰে ঘৰে পাইপেৰে যোগান ধৰা হ’ব গেছ ৷ যাৰ জৰিয়তে চিলিণ্ডাৰতকৈ কম মূল্যত ৰাইজে গেছ পাব বুলি দাবী কৰে আদানী টোটেল গেছ কৰ্তৃপক্ষই ৷

বৃহস্পতিবাৰে বিয়লি হাতীপোতাৰ স্থানীয় লোকৰ উপস্থিতিত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আদানি টোটেল গেছ কৰ্তৃপক্ষই আধাৰশিলা স্থাপন কৰে গেছ পাইপ লাইনৰ ৷  

লগতে পঢ়ক : পুৱাই শিৱসাগৰৰ আকাশত উৰিল গণৰাজ্য দিৱসৰ পতাকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.