ETV Bharat / state

পুৱাই শিৱসাগৰৰ আকাশত উৰিল গণৰাজ্য দিৱসৰ পতাকা

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:40 PM IST

Updated : Jan 26, 2024, 1:54 PM IST

Sivasagar news : দেশে পালন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আৰু ব্যক্তিয়ে অধিক উৎসাহৰে পালন কৰে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । ভাৰতে এইবাৰ সংবিধান গৃহীত হোৱাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰিব ।

Minister Sanjay Kishan unfurl flag
শিৱসাগৰত গণৰাজ্য দিৱস

শিৱসাগৰত গণৰাজ্য দিৱস

শিৱসাগৰ, ২৬ জানুৱাৰী : আজি গণৰাজ্য দিৱস । শুক্ৰবাৰে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস । ৰাজ্য়ৰ প্ৰতিখনে জিলাতে গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে । প্ৰতিখন জিলা সদৰতে প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে জিলা প্ৰশাসনে । এই কাৰ্যসূচীত ৰাজ্য়পালকে ধৰি কেবিনেট মন্ত্ৰীসকল আৰু প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে । ৰাজ্য়ৰ আন জিলাৰ লগতে শিৱসাগৰতো এই দিৱস পালন কৰা হয়।

শিৱসাগৰত গণৰাজ্য দিৱসত অসম চৰকাৰৰ শ্ৰম, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে উন্মোচন কৰে পতাকা । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় বৰ্ডিং খেলপথাৰত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । মন্ত্ৰী সঞ্জয় কিষাণে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । সামৰিক, অৰ্ধ সামৰিক, গৃহৰক্ষী বাহিনী, এন চি চি, স্কাউড-গাইড আদিৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

তেওঁ ভাষণত সাংবিধানিক অখণ্ডতা ৰক্ষা কৰি চৰকাৰৰ উদ্যোগত দেশৰ লগতে ৰাজ্যই কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰে । তেওঁ কয়, "ভাৰতৰ স্বাধীনতাৰ অমৃত কাল ভাৰত চৰকাৰে ঘোষণা কৰাৰ পাচতে দেশৰ লগতে আমাৰ ৰাজ্যই সামগ্ৰিক উন্নয়ন অব্যাহত ৰাখিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাত ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰদান কৰিছে’’ ।

আজিৰ গণৰাজ্য দিৱসত অসম চৰকাৰৰ বিভিন্ন বিভাগে তেওঁলোকৰ দ্বাৰা সম্পাদিত কৰ্মৰ প্ৰতিফলিত কৰি ভিন ভিন প্ৰেক্ষাপট উপস্থাপন কৰে । তদুপৰি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন সাংস্কৃতিক আৰু ক্ৰীড়া বিষয়ক কাৰ্যসূচী সম্পন্ন হয় ।

লগতে পঢ়ক : ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস

Last Updated :Jan 26, 2024, 1:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.