গোলাঘাটত উৎকোচ লৈ পুনৰ হাত দাঙিলে বন বিষয়াই

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 6:36 PM IST

thumbnail

তিতাবৰ, 8 মাৰ্চ: ঘোচ ল’বলৈ এৰা নাই ৰাজ্যৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷ ইজনৰ পিচত সিজনক দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিচতো ক’লাটকাৰ লোভ এৰা নাই একাংশই ৷

এইবাৰ উৎকোচ লৈ হাত দাঙিল অসম চৰকাৰৰ বন বিভাগৰ এজন বিষয়াই । মেৰাপানীত দুৰ্নীতি নিৰ্বাৰক শাখাই অভিযান চলাই উৎকোচ লোৱাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ কৰে জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ্ৰ টাইদক । শিল কঢ়িওৱা ডাম্পাৰৰ পৰা ভয়-ভাবুকিৰে বিশ হাজাৰ টকা উৎকোচ বিচাৰিছিল ব্যৱসায়ী দেৱজিৎ বৰাৰ পৰা ।

নিজ কাৰ্যালয়তে শুকুৰবাৰে বিয়লি ২০ হাজাৰ টকা উৎকোচ লৈ থাকোতেই গ্ৰেপ্তাৰ কৰা হয় বন বিষয়াজনক । উল্লেখ্য যে পূৰ্বতেও অঞ্চলটোৰ ব্যৱসায়ীসকলক ধনদাবী কৰি অতিষ্ঠ কৰি আহিছিল বিষয়াজনে । ঘটনাৰ সন্দৰ্ভত ঘিলাধাৰী আৰক্ষী আৰু দুৰ্নীতি নিৰ্বাৰক অব্যাহত ৰাখিছে জেৰা ।

লগতে পঢ়ক: ভোট বা ভাষণ সন্দৰ্ভত উৎকোচ গোচৰত গুৰুত্বপূৰ্ণ ৰায় আদালতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.