ৰেডিচন ব্লু'ত 'ফুটবল প্ৰশিক্ষক সন্মিলন ২০২৪' - Football Coaches Conference 2024

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:53 PM IST

thumbnail
ৰেডিচন ব্লু'ত 'ফুটবল প্ৰশিক্ষক সন্মিলন ২০২৪' (etv bharat assam)

গুৱাহাটী, ২৫ মে’: মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত শনিবাৰে অনুষ্ঠিত হয় 'ফুটবল প্ৰশিক্ষক সন্মিলন ২০২৪' । অসম ফুটবল সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই সন্মিলনখন । বিশ্ব ফুটবল দিৱসৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানটো । ফুটবলৰ ক্ষেত্রখনত অসমক আগুৱাই নিয়াৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই সন্মিলনখনিৰ ।

সন্মিলনত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জামিল হিলালি, NEUFC ৰ সহকাৰী প্ৰশিক্ষক নৌচাদ মুছা । ইয়াৰ উপৰি ফুটবলাৰ হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়, অসম ফুটবল সন্থাৰ সম্পাদক সংগ্ৰাং ব্ৰহ্ম উক্ত অনুষ্ঠানত উপস্থিত থাকে । সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ফুটবল প্ৰশিক্ষণ কেন্দ্রৰ প্ৰশিক্ষক তথা প্ৰতিনিধিসকলে ।

অনুষ্ঠানত নতুন প্ৰতিভাক ফুটবলৰ ক্ষেত্রত কিদৰে আগুৱাই নিব পাৰি সেই ক্ষেত্রত বিতংভাৱে আলোচনা কৰা হয় । উপস্থিত খেলুৱৈ তথা প্ৰশিক্ষকসকলেও বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত আফগানিস্তান-ভাৰতৰ ফুটবল দল - Fifa World Cup Qualifying Match

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.