এটা ষাঁড় গৰু হত্যাৰ অপৰাধত পাঁচজনক গ্ৰেপ্তাৰ; জব্দ ট্ৰেক্টৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:39 PM IST

thumbnail

বৰপেটাৰোড, 11 ফেব্ৰুৱাৰী : বৰপেটাৰোডৰ সৰভোগত এটা ষাঁড় গৰুক পথাৰৰ মাজত ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যা কৰাৰ অপৰাধত দেওবাৰে নিশা সৰভোগ আৰক্ষীয়ে ট্ৰেক্টৰৰ চালকসহ পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত পাঁচগৰাকী লোক হ’ল, ছাহিদ আলী, কাদেৰ আলী, আব্দুল খালেক, সুধন দাস আৰু ট্ৰেক্টৰৰ চালক ছামিদুল মণ্ডল । 

উল্লেখ্য যে, সৰভোগ অঞ্চলটোত ষাঁড় গৰুটোৱে বিগত কিছুদিন ধৰি মানুহ দেখিলেই খেদি গৈছিল ৷ ফলত বিগত 8 ফেব্ৰুৱাৰীতেই এই ষাঁড় গৰুটোক খেদি খেদি পুঠিমাৰী গাঁৱৰ পথাৰলৈ নি এদল উন্মাদ লোকে AS 15AC 4981 নম্বৰৰ ট্ৰেক্টৰেৰে খুন্দিয়াই খুন্দিয়াই হত্যা কৰিছিল । ষাঁড় গৰুটোক ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যা কৰাৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছিল ৷

পৰৱৰ্তী সময়ত সৰভোগ আৰক্ষীয়ে এই অমানৱীয় তথা মৰ্মান্তিক ঘটনাৰ বাবে 9 ফেব্ৰুৱাৰীত 11/2024 নম্বৰত এটি গোচৰ ৰুজু কৰি U/S 429 IPC r/w sec 11(1)(a) Prevention of Cruelty to Animals Act, 1960 ৰ অধীনত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰি পশুধন হত্যা কৰা অপৰাধৰ তদন্ত অব্যাহত ৰাখিছে ৷ লগতে ষাঁড় গৰুটোক হত্যা কৰা ট্ৰেক্টৰখনো সৰভোগ আৰক্ষীয়ে জব্দ কৰিছে ৷ এই অমানৱীয় আৰু বৰ্বৰকাণ্ড সংঘটিত কৰা সকলোকে সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.