ETV Bharat / bharat

হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:33 AM IST

Uttarakhand Haldwani violence: মছজিদ আৰু মাদ্ৰাছা উচ্ছেদক লৈ উত্তৰাখণ্ডৰ হালদৱানীত সংঘটিত হিংসাত্মক পৰিস্থিতি কিছু সুস্থিৰ হৈছে । হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে এনএছএৰ অধীনত গোচৰ ৰুজু । মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি ।

Uttarakhand Haldwani violence
হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী : উত্তৰাখণ্ডৰ হালদৱানীৰ হিংসাত্মক পৰিস্থিতি কিছু উন্নত হৈছে । বৃহস্পতিবাৰে হালদৱানীৰ বনভুলপুৰা অঞ্চলত হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰা দুৰ্বৃত্তৰ ওপৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে । পৰিস্থিতি উন্নত হৈছে যদিও আৰক্ষী-প্ৰশাসনে সান্ধ্য আইন শিথিল কৰা নাই । একে সময়তে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী হালদৱানীত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লৈছে । তাৰ পিচত মুখ্যমন্ত্ৰী ধামীয়ে বিষয়াসকলৰ সৈতে হিংসা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লয় । সমান্তৰালকৈ তেওঁ দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে ।

আৰক্ষীয়ে জনোৱা মতে হালদৱানীৰ পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে । ঘটনাটোক লৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ হাতত লৈছে । আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰিছে । একে সময়তে, আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে কয় যে দুৰ্বৃত্তৰ ওপৰত এনএছএ (ৰাষ্ট্ৰীয় সুৰক্ষা আইন) আৰোপ কৰা হ'ব । যাতে সেইসকলে ভৱিষ্যতে এনে ঘটনা সংঘটিত কৰাৰ পূৰ্বে চিন্তা কৰিবলগীয়া হয় ।

উল্লেখ্য যে হালদৱানীৰ বনভুলপুৰাৰ মালিক বাগিচাত পৌৰ নিগমৰ ভূমিত এটা মছজিদ আৰু মাদ্ৰাছা অবৈধভাবে চলি আছিল । জিলা প্ৰশাসন আৰু হালদৱানী পৌৰ নিগমে মাদ্ৰাছা আৰু মছজিদ পৰিচালনা সমিতিক এই সন্দৰ্ভত জাননী জাৰি কৰিছিল আৰু সেইবোৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু তেওঁলোকে স্থানান্তৰ নকৰাৰ পিচত আৰক্ষী-প্ৰশাসনে বৃহস্পতিবাৰে উচ্ছেদৰ বাবে তাত উপস্থিত হৈছিল । লগে লগে তাত প্ৰতিবাদ আৰম্ভ হয় আৰু আৰক্ষী, জিলা প্ৰশাসনৰ লোকৰ ওপৰত প্ৰতিবাদকাৰীসকলে শিল নিক্ষেপ কৰে । ঘটনাটোত কেইবাজনো আৰক্ষী, জিলা প্ৰশাসনৰ লোক আৰু সংবাদ মাধ্যমৰ কৰ্মী আহত হয় । তাৰ পিচতে হিংসাত্মক পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

৮ ফেব্ৰুৱাৰীৰ এই হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ৫ লৈ বৃদ্ধি পাইছে । এই হিংসাত ৩০০ ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ হালদৱানীত ব্যাপক হিংসা; আৰক্ষীৰ গুলীচালনাত নিহত ৪, আহত ৩ শতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.