ETV Bharat / bharat

উত্তৰাখণ্ডৰ হালদৱানীত ব্যাপক হিংসা; আৰক্ষীৰ গুলীচালনাত নিহত ৪, আহত ৩ শতাধিক

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:42 AM IST

Haldwani Banbhoolpura Violence : হালদৱানীত অবৈধ ধৰ্মীয় স্থানসমূহ উচ্ছেদক লৈ তীব্ৰ সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় । বেদখল উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী-প্ৰশাসনৰ দলটোক সংঘৰ্ষকাৰীয়ে শিলগুটি নিক্ষেপ কৰে আৰু আক্ৰমণ কৰে । ঘটনাটোত আৰক্ষী-প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কৰ্মীসহ ৩ শতাধিক লোক আহত হয় । আনহাতে, আৰক্ষীৰ গুলীত চাৰিজন সংঘৰ্ষকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয় ।

উত্তৰাখণ্ডৰ হালদৱানীত ব্যাপক হিংসাত নিহত ৪

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হালদৱানীৰ বনভুলপুৰাত চৰকাৰী ভূমিত নিৰ্মিত অবৈধ মছজিদ আৰু মাদ্ৰাছাসমূহৰ বেদখল আঁতৰোৱাক লৈ ব্যাপক হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় । এই ঘটনা ইমানেই ব্যাপক আছিল যে আৰক্ষী-প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । আৰক্ষীৰ ওপৰত শিলগুটি আৰু পেট্ৰ'ল বোমা নিক্ষেপ কৰা হয় । আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত গুলীচালনাৰ নিৰ্দেশ দিয়া হয় । যাৰ ফলত আৰক্ষীৰ গুলীত পিতৃ-পুত্ৰসহ চাৰিজন সংঘৰ্ষকাৰী নিহত হয় । আনহাতে, বহু সংঘৰ্ষকাৰী আহত হয় । ইফালে শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগৰ ঘটনাত আৰক্ষী-প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কৰ্মীসহ ৩ শতাধিক লোক আহত হয় ।

উল্লেখ্য যে উত্তেজনা বৃদ্ধি হোৱাৰ ফলত প্ৰশাসনে সন্ধিয়ালৈকৈ গুলীচালনাৰ নিৰ্দেশ দিয়ে । লগতে জিলা প্ৰশাসনে চহৰখনত কাৰ্ফিউ জাৰি কৰে । আনহাতে, সংঘৰ্ষকাৰীয়ে বনভুলপুৰা আৰক্ষী থানাত অগ্নিসংযোগো কৰে । এই সময়ছোৱাত 70 খনতকৈও অধিক বাহন জ্বলাই দিয়াৰ লগতে বহু বাহন ভাঙি চূড়মাৰ কৰা হয় । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, হালদৱানীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত চাৰিজন লোকৰ মৃত্যু হৈছে ।

আনহাতে, নিশাৰ ভাগত অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও কোম্পানী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় । অৱশ্যে বৰ্তমান পৰিস্থিতি স্বাভাৱিক বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে শিলগুটি নিক্ষেপকাৰীসকলক ধৰিবলৈ ঘৰে ঘৰে তালাচী চলায় । পৌৰকৰ্মীৰ সহায়ত ঘৰে ঘৰে দুৱাৰ ভাঙি সোমাই আৰক্ষীয়ে শিলগুটি দলিওৱা আৰু সংঘৰ্ষত লিপ্ত হোৱাসকলক ধৰিবলৈ আৰম্ভ কৰে । কিন্তু দুৰ্বৃত্তই আৰক্ষীৰ হাতৰ পৰা তেওঁলোকক মুকলি কৰি আনে । আনহাতে, এই সময়ছোৱাত 70 খনতকৈও অধিক বাহন জ্বলি ছাই হৈ যায় ।

ঘটনাৰ বিৱৰণী অনুসৰি, হালদৱানীৰ মুছলমান অধ্যুষিত অঞ্চল বনভুলপুৰাৰ মালিক বাগিচাত পৌৰ নিগমৰ ভূমিত মছজিদ আৰু মাদ্ৰাছা অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল । জিলা প্ৰশাসন আৰু হালদৱানী পৌৰ নিগমে মাদ্ৰাছা আৰু মছজিদ পৰিচালনা সমিতিক জাননী জাৰি কৰে আৰু সেইবোৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে । কিন্তু তেওঁলোকে বেদখলমুক্ত নকৰাত আৰক্ষী-প্ৰশাসনৰ দলটোৱে বৃহস্পতিবাৰে সেইবোৰ উচ্ছেদ কৰিবলৈ এটা বিশাল আৰক্ষী বাহিনী আৰু জেচিবি মেচিন লৈ ঘটনাস্থলীত উপস্থিত হয় । আনহাতে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাইজে আৰক্ষী, জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰে । তাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হয় ।

লগতে পঢ়ক :মাদ্ৰাছা উচ্ছেদক লৈ আৰক্ষীৰে সংঘাত স্থানীয় লোকৰ; আৰক্ষীৰ গুলীত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.