ETV Bharat / bharat

মাদ্ৰাছা উচ্ছেদক লৈ আৰক্ষীৰে সংঘাত স্থানীয় লোকৰ; আৰক্ষীৰ গুলীত নিহত এজন

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:48 PM IST

Haldwani Banbhoolpura Violence: উত্তৰাখণ্ডৰ হালদ্বাণীত অবৈধভাৱে স্থাপন কৰা মাদ্ৰাছা আৰু ঈদগাহত উচ্ছেদ চলোৱাৰ পিচতেই সৃষ্টি হয় সংঘাতৰ । একাংশ দুস্কৃতিকাৰীয়ে থানাকে ধৰি বহু ঠাইত অগ্নিসংযোগ কৰে । আৰক্ষীৰ ওপৰতো শিলগুটি নিক্ষেপ ৷ আৰক্ষীৰ গুলীত নিহত এজন ৷

imposed curfew haldwani
Riots broke out in haldwani

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে নাইনিতাল জিলাৰ হালদ্বাণীত সংঘটিত হৈছে সংঘাত ৷ যাৰ বাবে মহানগৰীখনৰ পৰিৱেশ উত্তাল হৈ পৰিছে । নাইনিতালৰ জিলা দণ্ডাধীশে জাৰি কৰিছে সান্ধ্য আইন । লগতে সংঘাত সৃষ্টিকাৰীক দেখাৰ লগে লগে গুলীচালনা কৰাৰ নিৰ্দেশ দিয়া হৈছে । ইতিমধ্যে আৰক্ষীৰ গুলীত এজন নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে নাইনিতালৰ মুখ্য শিক্ষা বিষয়াই হালদ্বাণী উন্নয়ন ব্লকৰ সকলো বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নিৰাপত্তাজনিত কাৰণত ৯ ফেব্ৰুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় বাধ্যতামূলকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

দৰাচলতে ৮ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে প্ৰশাসন আৰু হালদ্বাণী পৌৰ নিগমৰ যৌথ দলে বনভুলপুৰা থানা এলেকাৰ ‘মালিকৰ বাগিচা’ত উপস্থিত হয়, য’ত দলটোৱে চৰকাৰী ভূমিত নিৰ্মিত মাদ্ৰাছা আৰু ঈদগাহ বুলড’জাৰেৰে ভাঙি পেলায় । প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । অলপ সময়ৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে যদিও বিষয়টো নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে আৰু অধিক জটিল হৈ পৰে । তাৰ পিছত একাংশ লোকে আৰক্ষীৰ বাহনতো অগ্নিসংযোগ কৰে, যাৰ বাবে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । দুস্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰাত বহু আৰক্ষী আৰু সাংবাদিক আহত হয় । আন কিছু লোকো আহত হৈছে ।

জানিব পৰা মতে, উত্তেজিত লোকে বনভুলপুৰা থানাতো জুই লগাই দিয়ে । গুৰুতৰভাৱে আহত আৰক্ষী আৰু সাংবাদিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষীৰ বৃহৎ দল ।

একে সময়তে বিষয়টোৰ গুৰুত্ব দেখি মুখ্যমন্ত্ৰী ধামীয়ে ডেৰাডুনত এক উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠক আহ্বান কৰে । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ধামীয়ে কয় যে আদালতৰ নিৰ্দেশত প্ৰশাসনৰ দলটো বেদখল বিৰোধী অভিযানৰ বাবে হালদ্বাৰীৰ বনভুলপুৰা অঞ্চললৈ গৈছিল, তেতিয়াই আৰক্ষীৰ সৈতে একাংশ সমাজবিৰোধী লোকৰ বিবাদ হৈছিল ।

এই সময়ছোৱাত একাংশ লোকে আৰক্ষীৰ ওপৰতো শিলগুটি নিক্ষেপ কৰে । কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত কোম্পানী হালদ্বাণীলৈ প্ৰেৰণ কৰা হৈছে । শান্তি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী ধামীয়ে । অগ্নিসংযোগত লিপ্ত হোৱা লোক আৰু বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জনায় ৷

এই বিষয়ত পৌৰ আয়ুক্ত পংকজ উপাধ্যায়ে কয় যে সেই মাদ্ৰাছা আৰু ঈদগাহ সম্পূৰ্ণ অবৈধ, যাৰ ওচৰত পৌৰ নিগমে পূৰ্বে তিনি একৰ মাটি দখলমুক্ত কৰিছিল, কিন্তু অবৈধ মাদ্ৰাছা আৰু নামজৰ স্থান ছীল কৰি এতিয়া ভাঙি পেলোৱা হৈছে ৷ আজি যাৰ প্ৰতিবাদত একাংশ লোকে দলটোক শিলগুটি নিক্ষেপ কৰে । শিলগুটি নিক্ষেপ কৰা দুস্কৃতিকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণ; নিহত 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.