ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণ; নিহত 2

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:15 AM IST

Updated : Feb 8, 2024, 11:49 AM IST

Jammu and Kashmir : বুধবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় ৷ যাৰ ফলত ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে ৷ নিহত দুজন হৈছে পঞ্জাৱৰ ৰোহিত মাছি আৰু অমৃতপাল ৷

Non local shot at Srinagar Habba Kadal
শ্ৰীনগৰত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণ

নেশ্যনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : বিগত ৭ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত পঞ্জাৱৰ এজন লোকক সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে । শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যু হয় পঞ্জাৱৰ আন এজন লোকজনৰ ৷ স্থানীয় বাতৰি অনুসৰি, এই আক্ৰমণত ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে । স্থানীয় তথ্য অনুসৰি, পঞ্জাৱৰ বাসিন্দা ৰোহিত মাছিৰ বৃহস্পতিবাৰে পুৱা শ্ৰীনগৰৰ এখন স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ।

বুধবাৰে বিয়লি শ্ৰীনগৰৰ ডাউন টাউন শলাকদল অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে মাছি আৰু পঞ্জাৱৰ আন এজন লোকক ৷ তেওঁৰ নাম অমৃতপাল । সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত অমৃতপালৰ থিতাতে মৃত্যু হয় ৷ আনহাতে, মাছি গুৰুতৰভাৱে আহত হয় ৷ তাৰ পাচতে মাছিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ত মৃত্যু হয় মাছিৰ ৷

বুধবাৰে বিয়লি সংঘটিত হোৱা আক্ৰমণৰ কিছু সময়ৰ পিচতে কাশ্মীৰ মণ্ডল আৰক্ষীৰ এগৰাকী মুখপাত্ৰই X টুইটাৰযোগে লিখিছে, ‘‘গঞ্জ শ্ৰীনগৰৰ অমৃতসৰ বাসিন্দা শ্বহীদ অমৃতপল সিং নামৰ এজন বহিৰাগত লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ৷ যাৰ ফলত তেওঁৰ মৃত্যু ঘটে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন ৷ আহত লোকজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে’’ ।

ইফালে কাশ্মীৰৰ ৰাজনীতিবিদসকলে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে ৷ লগতে ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লাই কয় যে বৰ্বৰ কাণ্ডত স্তম্ভিত আৰু হতাশ হৈছে তেওঁলোক ৷ লগতে তেওঁলোকে নিহত দুয়োজন ব্যক্তিৰ পৰিয়ালকেইটাক সমবেদনা জ্ঞাপন কৰে ।

পিপলছ ডেম’ক্ৰেটিক পাৰ্টীয়েও এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে “কাপুৰুষৰ আক্ৰমণ” বুলিও অভিহিত কৰে ৷ পিপলছ কনফাৰেন্সৰ নেতা ছাজ্জাদ ল’নেও এই আক্ৰমণক গৰিহণা দিয়ে । বুধবাৰে কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণটো হৈছে চলিত বছৰৰ প্ৰথমটো আক্ৰমণ ।

বিগত বছৰত অনন্তনাগ আৰু শ্বোপিয়ান জিলাকে ধৰি ভিন্ন অঞ্চলত বহিৰাগত শ্ৰমিকৰ ওপৰত এনেধৰণৰ কেইবাটাও আক্ৰমণ সংঘটিত হৈছিল ।

লগতে পঢ়ক : নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত দুই জোৱান শ্বহীদ

Last Updated :Feb 8, 2024, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.