ETV Bharat / bharat

নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত দুই জোৱান শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:58 PM IST

Two soldiers martyred in encounter with Naxalite
নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ, দুই জোৱান শ্বহীদ

Two soldiers martyred in encounter: ঝাৰখণ্ডৰ চতৰা জিলাত নক্সালবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষত শ্বহীদ হয় দুজন আৰক্ষী ।

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : ঝাৰখণ্ডৰ চতৰা জিলাৰ জোৰি সীমান্ত থানা এলেকাৰ বেৰিঅ’ থানাৰ অন্তৰ্গত অঞ্চলত নক্সালবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ ৷ এই সংঘৰ্ষত শ্বহীদ হয় দুজন আৰক্ষী । আনহাতে সংঘৰ্ষটোত আহত হৈছে আন তিনিজন আৰক্ষী । প্ৰাথমিক তথ্য অনুসৰি টহল দি থকা আৰক্ষীৰ দলৰ সৈতে নক্সালবাদীৰ এটা দলৰ সংঘৰ্ষ হৈছিল, য’ত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ পোৱা গৈছে । একে সময়তে গুৰুতৰভাৱে আহত হয় এজন জোৱান ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা আহত কনিষ্টবলজনসকলৰ সৈতে অতিৰিক্ত বাহিনীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে ।

প্ৰাথমিক তথ্য অনুসৰি আফিংৰ খেতি ধ্বংস কৰি উভতি আহিছিল নিৰাপত্তাৰক্ষীসকল । ইফালে টিপিচি নক্সালবাদী সংগঠনৰ এটা দলে হঠাতে আৰক্ষী বাহিনীক আক্ৰমণ কৰে । নক্সালবাদীৰ গুলীচালনাত শ্বহীদ হয় দুজন আৰক্ষী জোৱান ছিকন্দৰ সিং আৰু শুকৰ ৰাম । আহত তিনি জোৱান কৃষ্ণ, আকাশ আৰু সঞ্জয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আহত জোৱানসকলক লগে লগে সদৰ চিকিৎসালয়লৈ অনা হয় আৰু তাত তেওঁলোকৰ এজনৰ সংকটজনক অৱস্থা দেখি ৰাঁচীলৈ প্ৰেৰণ কৰা হয় । এই এনকাউণ্টাৰত নক্সালবাদীকো গুলীয়াই হত্যা কৰা বুলি দাবী কৰা হৈছে । শ্বহীদ ছিকন্দৰ সিং গয়াৰ বাসিন্দা আছিল । আনহাতে, শুকুৰ ৰাম আছিল পালামুৰ বাসিন্দা ।

এছ ডি পি অ’ সন্দীপ সুমনে এই কথা নিশ্চিত কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ তথ্য লোৱা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয় ৷ তেওঁ লগতে জনোৱা মতে, অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । গুৰুতৰভাৱে আহত জোৱানজনক হেলিকপ্টাৰেৰে ৰাঁচীলৈ লৈ যোৱা হৈছে ।

লগতে পঢ়ক: আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.