ETV Bharat / bharat

আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:57 AM IST

Kawardha Police: বহু বছৰৰ মূৰত কবীৰধাম জিলাত সংঘটিত হয় আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘৰ্ষ । আৰক্ষীয়ে 49 জাঁই গুলী চলায় । প্ৰায় 20 মিনিট ধৰি চলে এই গুলীয়াগুলী ৷

Kawardha Police
আৰক্ষী আৰু মাওবাদী বিদ্ৰোহীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ : কাৱাৰ্ধত পুনৰ মুখামুখি হৈছে আৰক্ষী আৰু মাওবাদী বিদ্ৰোহী । চিলফি থানাৰ অন্তৰ্গত মাৰাদবাৰা বনাঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ । মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে তথ্যদাতাৰ পৰা তথ্য লাভ কৰে যে বডলা আঞ্চলিক সমিতিৰ 7 জন অস্ত্ৰধাৰী ইউনিফৰ্ম পৰিহিত মাওবাদী বিদ্ৰোহী নেতাক মাৰাদাবৰাৰ অৰণ্যৰ ফালে যোৱা দেখা গৈছে ।

এই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে মাওবাদী বিদ্ৰোহীসকলক বিচাৰি উলিয়াবলৈ অৰণ্যলৈ যায় । মাওবাদী বিদ্ৰোহীয়ে আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰিলে । আৰক্ষীয়েও 49 জাঁই গুলী চলায় । প্ৰায় 20 মিনিট ধৰি চলে এই গুলীয়াগুলী ৷ আৰক্ষীৰ গুলীচালনাৰ পিচত দুৰ্বল হৈ পৰে মাওবাদীসকল ৷

পাহাৰৰ আঁৰেৰে পলাই যাবলৈ সক্ষম বিদ্ৰোহী নেতাসকল । গুলীচালনা বন্ধ হোৱাৰ পিচতে আৰক্ষীয়ে অৰণ্যখনত তালাচী আৰম্ভ কৰে আৰু বৃহৎ পৰিমাণৰ নক্সালবাদীৰ দৈনিক উপযোগী সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জব্দ কৰা সামগ্ৰীখিনি চিলফি থানাত ৰখা হৈছে । ঘটনাৰ পিচতে আৰক্ষীয়ে বনাঞ্চলখনত তালাচী বৃদ্ধি কৰিছে । এই কথা নিশ্চিত কৰিছে আৰক্ষী অধীক্ষক অভিষেক পল্লৱে ।

"আৰক্ষীয়ে মাওবাদী বিদ্ৰোহীসকলক আত্মসমৰ্পণ কৰিবলৈ কয় যদিও মাওবাদী বিদ্ৰোহীসকলে অবিৰতভাৱে গুলীচালনা কৰি আছিল ৷ তাৰ পিচত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে প্ৰতিশোধ লয়" - অভিষেক পল্লৱ, আৰক্ষী অধীক্ষক, কাৱাৰ্ধ ৷

কিছুদিন পূৰ্বে ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক জুনেজাই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় আৰক্ষীৰ যৌথ বৈঠক কাৱাৰ্ধত অনুষ্ঠিত কৰিছিল । এই বৈঠকত মাওবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল । মাওবাদী বিদ্ৰোহীৰ বিৰুদ্ধে বৃহৎ অপাৰেশ্যন চলোৱাৰ কথা চৰ্চা হৈছিল । এই বৈঠকৰ মাত্ৰ কেইদিনমান পিচতে সংঘটিত হয় এই সংঘৰ্ষ ।

লগতে পঢ়ক: সুকমাত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত নিহত নক্সালবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.