ETV Bharat / bharat

সুকমাত নিৰাপত্তা বাহিনীৰে হোৱা মুখামুখি সংঘৰ্ষত নিহত নক্সালবাদী

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 8:08 PM IST

Naxalite encounter in Sukma: বাষ্টাৰত থমকি ৰোৱা নাই নক্সালবাদীৰ সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ । সুকমাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এজন মাওবাদী নিহত হয় । কাংকেৰত সৈন্য বাহিনীক লক্ষ্য কৰি নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ কৰে ।

Naxalite encounter in Sukma
মুখামুখি সংঘৰ্ষত নিহত নক্সালবাদী

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী: সুকমাত নক্সালবাদীৰে মুখামুখি সংঘৰ্ষ নিৰাপত্তা বাহিনীৰ ৷ সুকমাৰ ভেজ্জী থানা এলেকাত নক্সালবাদীৰ এখন বৃহৎ বৈঠকৰ তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে ৷ নক্সালবাদীৰ তথ্য পোৱাৰ লগে লগে সেনা জোৱানে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে ৷

কন্টা এৰিয়া কমিটিৰ অন্তৰ্গত 20 জনতকৈ অধিক নক্সালবাদী উপস্থিত আছিল বুলি অভিযানকাৰীৰ দলে তথ্য লাভ কৰিছিল ৷ নক্সালবাদীৰ বৈঠকত এল অ’ এছৰ অধিনায়ক দুৰো কোছি উপস্থিত থকাৰ খবৰো লাভ কৰিছিল অভিযানকাৰীৰ দলে ৷ অভিযানকাৰীৰ দলটো সেই স্থানত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক লক্ষ্য কৰি নক্সালবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে ৷ জোৱানসকলেও লগে লগে প্ৰত্যাক্ৰমণ কৰে ৷ নিৰাপত্তা বাহিনীৰ এই প্ৰত্যাক্ৰমণত নিহত হয় এজন নক্সালবাদী ৷

নাগাৰাম-পন্তভেজী বনাঞ্চলত সংঘটিত সংঘৰ্ষ : চি আৰ পি এফ জোৱানৰ সৈতে এই সংঘৰ্ষৰ বাবে ওলাই গৈছিল ডি আৰ জি আৰু বাষ্টাৰ যোদ্ধাৰ দলটো ৷ সৈনিকৰ দলটোৱে নক্সালবাদীক ঘেৰাও কৰিবলৈ নাগাৰাম-পন্তভেজী অৰণ্যত উপস্থিত হোৱাৰ লগে লগে নক্সালবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে ৷ লগে লগে দলটোৱে নক্সালবাদীক প্ৰত্যুত্তৰ দিয়াত এজন নক্সালবাদী নিহত হয় ৷ নিৰাপত্তা বাহিনীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এটা ৰাইফল আৰু পিষ্টলকে ধৰি নক্সালবাদীয়ে ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰিছে ৷

পাৰ্টাপুৰত নক্সালবাদীয়ে সংঘটিত কৰে আই ই ডি বিস্ফোৰণ : পাৰ্টাপুৰ অঞ্চলৰ ভাট্টেকাল থানা এলেকাত টহল দি থকা জোৱানক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল নক্সালবাদীয়ে ৷ কিন্তু জোৱান সকলে সময়মতে নক্সালবাদীৰ পৰিকল্পনা বিফল কৰে ৷

লগতে পঢ়ক : বড্ডীৰ পাৰফিউম ফেক্টৰীত তৃতীয় দিনৰ বাবে অব্যাহত উদ্ধাৰ অভিযান, ৫ জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.