ETV Bharat / bharat

বড্ডীৰ পাৰফিউম ফেক্টৰীত তৃতীয় দিনৰ বাবে অব্যাহত উদ্ধাৰ অভিযান, ৫ জন লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:08 PM IST

Solan Cosmetic Factory Fire Case : চোলান জিলাৰ বড্ডীৰ ঝাড়মাজৰীত এন আৰ আৰোমা ফেক্টৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত আজি তৃতীয় দিনৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান। শুকুৰবাৰে কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হৈছিল য’ত এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই । এতিয়ালৈকে এই অগ্নিকাণ্ডত ৫ জন লোকৰ মৃত্যু হৈছে ।

Solan Cosmetic Factory Fire Case
চোলানত পাৰফিউম ফেক্টৰীত অগ্নিকাণ্ডৰ ঘটনা

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী: বড্ডীৰ ঝাড়মাজৰীত সুগন্ধি আৰু প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা এন আৰ আৰোমা কাৰখানাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ আজি তৃতীয় দিনাও চলি আছে উদ্ধাৰ অভিযান ৷ উদ্যোগটোৰ ভিতৰৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই ৷ অট্টালিকাটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে যদিও এতিয়াও এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে বৰ্তমান 4 জন লোকৰ সন্ধান অব্যাহত আছে ৷

এতিয়ালৈকে 5 জন লোকৰ মৃত্যু : লক্ষণীয় যে এই অগ্নিকাণ্ডত এতিয়ালৈকে মুঠ 5 জন লোকৰ মৃত্যু হৈছে ৷ 30 জন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে ৷ ইয়াৰে এজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰু বাকী 29 গৰাকী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ একে সময়তে যোৱা শনিবাৰে এন ডি আৰ এফৰ জোৱানে কাৰখানাটোৰ পৰা 4 টা মৃতদেহ উদ্ধাৰ কৰিছিল ৷ একে সময়তে এতিয়া প্ৰশাসনে পুনৰ নিৰুদ্দেশ হোৱা 4 জন লোকৰ সন্ধান আৰম্ভ কৰিছে ৷

এতিয়াও জ্বলি আছে জুই : কাৰখানাটোত ৰাসায়নিক পদাৰ্থ আৰু অন্যান্য বস্তুৰ উপস্থিতিৰ বাবে ভিতৰত এতিয়াও জুই নিৰ্বাপন হোৱা নাই আৰু ধোঁৱাও বৃদ্ধি হোৱা দেখা গৈছে ৷ একে সময়তে আজি তৃতীয় দিনৰ বাবে এন ডি আৰ এফৰ জোৱানসকলে উদ্ধাৰ অভিযানৰ দায়িত্ব লোৱাৰ লগতে উদ্যোগটোৰ ভিতৰত অনুসন্ধান চলি আছে ৷

ফৰেনছিক দল প্ৰমাণ সংগ্ৰহত ব্যস্ত : ঘটনাস্থলীত উপস্থিত হোৱা ফৰেনছিক সঞ্চালক ডাঃ মীনাক্ষীয়ে কয় যে এই মুহূৰ্তত এন ডি আৰ এফৰ জোৱানসকলক ভিতৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যাৰ বাবে তেওঁলোকে এতিয়া বাহিৰতহে অনুসন্ধান কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান ফটো আৰু ভিডিঅ’গ্ৰাফীৰ জৰিয়তে প্ৰমাণ সংগ্ৰহ কৰি থকা হৈছে আৰু জুইৰ উৎস কি সেই সন্দৰ্ভত তদন্ত চলি আছে ৷ বৰ্তমান উদ্যোগটোলৈ যোৱাটো উপযুক্ত নহয় আৰু আনকি এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মীসকলকো ইয়াৰ বাবে অনুমতি দিয়া নাই ৷ ভিতৰলৈ যাবলৈ নিৰাপদ নোহোৱালৈকে বাহিৰৰ অঞ্চলটোত উদ্ধাৰ অভিযান চলাই আছে তেওঁলোকে ৷

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা : ডাঃ মীনাক্ষীয়ে কয় যে বৰ্তমান কাৰখানাটোৰ পৰা উদ্ধাৰ হোৱা 4 টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ সেই সন্দৰ্ভতো এক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব ৷ একে সময়তে এই ঘটনা সন্দৰ্ভত নমুনা লোৱাৰ এসপ্তাহৰ পৰা ডেৰ সপ্তাহৰ পিছত ফলাফল দিয়া হ’ব ৷ ৰাসায়নিক সুৰক্ষাৰ সন্দৰ্ভত কি কি সাৱধানতা অৱলম্বন কৰা হোৱা নাছিল সেই বিষয়েও ইয়াত তদন্ত কৰা হ’ব বুলিও তেওঁ কয় ৷

কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী : চোলন আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৰ মালিকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হৈছে ৷ ইফালে শনিবাৰেই গ্ৰেপ্তাৰ কৰা হৈছে কোম্পানীটোৰ মেনেজাৰজনক ৷ আৰক্ষীয়ে এছ আই টিও গঠন কৰিছে আৰু বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ৷ একে সময়তে এডিচি চোলন অজয় ​​যাদৱেও এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে ৷ যাৰ দ্বাৰা এই বিষয়টোৰ সন্দৰ্ভত প্ৰতিবেদন দিয়া হ’ব ৷

বেয়া বতৰৰ মাজতো অব্যাহত আছে উদ্ধাৰ: উল্লেখ্য যে আজি হিমাচল প্ৰদেশত বতৰ বেয়া ৷ বেয়া বতৰৰ মাজতো এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী আৰু হোমগাৰ্ডৰ জোৱানসকলে একেৰাহে তৃতীয় দিনৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত 5 জন লোকৰ এই ঘটনাত মৃত্যু হৈছে ৷ 30 জন লোকক উদ্ধাৰ কৰা হৈছে, ইয়াৰে এজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৷ একে সময়তে এতিয়াও চলি আছে চাৰিজন লোকৰ সন্ধান ৷

এইসকল লোকে ঘটনা স্থলী পৰিদৰ্শন কৰে : এতিয়ালৈকে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰী, স্বাস্থ্যমন্ত্ৰী ধনীৰাম শণ্ডিল, চিপিএছ ৰামকুমাৰ চৌধুৰী, ডিজিপি সঞ্জয় কুণ্ডু আদিয়ে ঘটনাস্থলীত উপস্থিত হৈছে ৷ ক্ষতিগ্ৰস্ত ৰাইজক সম্ভৱপৰ সকলো সকাহ দিয়াৰ কথা উল্লেখ কৰিছে চৰকাৰে ৷

লগতে পঢ়ক : প্ৰচণ্ড তুষাৰপাতৰ বাবে শ্ৰীনগৰত সকলো বিমান বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.