ETV Bharat / bharat

প্ৰচণ্ড তুষাৰপাতৰ বাবে শ্ৰীনগৰত সকলো বিমান বাতিল

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:31 PM IST

Snowfall in Kashmir: পুনৰ প্ৰচণ্ড তুষাৰপাতৰ কৱলত কাশ্মীৰ উপত্যকা । ঠায়ে ঠায়ে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । শ্ৰীনগৰ বিমানবন্দৰৰ পৰা দেওবাৰে সকলো বিমানৰ যাত্ৰা বাতিল । পুৱাৰে পৰা ৭ খন ৰে'ল বাতিল ।

Snowfall in Kashmir
প্ৰচণ্ড তুষাৰপাতৰ বাবে শ্ৰীনগৰত সকলো বিমান বাতিল

নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী : কাশ্মীৰ উপত্যকাত শনিবাৰে নিশাৰে পৰা পুনৰ তুষাৰপাত হোৱা দেখা গৈছে । ফলস্বৰূপে বিমান পৰিচালনাত সমস্যাৰ সৃষ্টি হৈছে । শ্ৰীনগৰৰ পৰা বিমানৰ উৰণত বাধা আহিছে । এনে পৰিস্থিতিত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেওবাৰে সকলো বিমান বাতিল কৰা হৈছে । শ্ৰীনগৰ বিমানবন্দৰৰ সঞ্চালক জাভেদ অঞ্জুমে জনোৱা মতে নতুনকৈ হোৱা তুষাৰপাত আৰু প্ৰতিকূল বতৰৰ বাবে বিমানসমূহ বাতিল কৰা হৈছে ।

ইফালে বিষয়াসকলে কোৱা মতে প্ৰচণ্ড তুষাৰপাতৰ বাবে দেওবাৰে পুৱাৰ পৰা ৭ খন ৰে'ল বাতিল কৰা হৈছে । জম্মু-শ্ৰীনগৰ ঘাইপথতো যান-বাহনৰ চলাচল ব্যাহত হৈছে ।

প্ৰশাসনে জনোৱা মতে জম্মু-শ্ৰীনগৰ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্দেশনা দিয়া হৈছে । যাত্ৰীসকলক সতৰ্কতাৰে বাহনসমূহ চলাবলৈ পৰামৰ্শ দিয়া হৈছে । কিয়নো নাশ্ৰী আৰু নেভিইউজি টানেলৰ মাজৰ পথৰ অংশ হৈছে একক লেন, কেইবাটাও স্থানত বৰফৰ বাবে পথ বন্ধ হৈছে । ৰামচু আৰু বানিহালৰ মাজতো বৰফ পৰিছে ।

উল্লেখ্য যে কাশ্মীৰ উপত্যকাত শনিবাৰে নিশাৰ পৰা নতুনকৈ তুষাৰপাত আৰম্ভ হয় । পাহাৰীয়া অঞ্চলটোৰ কোনো কোনো অংশ প্ৰচণ্ড তুষাৰপাত হোৱা দেখা গৈছে । যোৱা দুসপ্তাহ ধৰি অঞ্চলটোত তুষাৰপাত হৈ আছে । অৱশ্যে তুষাৰপাতে একাংশ লোকক আনন্দিত কৰিও তুলিছে । বিশেষকৈ পৰ্যটকসকল এই তুষাৰপাতৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে কাশ্মীৰত সোমবাৰলৈ তুষাৰপাত হৈ থাকিব আৰু ১১ ফেব্ৰুৱাৰীলৈকে বতৰ পুনৰ শুকান হৈ পৰিব । যোৱা ২৪ ঘণ্টাত, সমভূমিত পাতল তুষাৰপাত (৩-৬) ইঞ্চি আৰু কাশ্মীৰ উপত্যকাৰ মাজভাগত আৰু ওখ অঞ্চলত ৮-১২ ইঞ্চি পৰ্যন্ত তুষাৰপাত হৈছে । জম্মু বিভাগৰ সমভূমিত বজ্ৰপাতৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু মধ্য আৰু ওখ অঞ্চলত পাতলৰ পৰা মধ্যমীয়া তুষাৰপাত হৈছে ।

লগতে পঢ়ক :শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ তামিলনাডুৰ ২৩ মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.