ETV Bharat / bharat

শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ তামিলনাডুৰ ২৩ মাছমৰীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:08 PM IST

Sri Lankan Navy arrests fishermen: আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত শ্ৰীলংকাৰ নৌসেনাই তামিলনাডুৰ ২৩ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে । মাছমৰীয়া কেইজন ৰামেশ্বৰমৰ বুলি জানিব পৰা গৈছে । মাছমৰীয়া কেইজনক শীঘ্ৰে মুক্তি কৰি দিয়াৰ দাবী আন মাছমৰীয়াসকলৰ ।

Tamil Nadu fishermen arrested
শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ তামিলনাডুৰ ২৩ মাছমৰীয়া

নেশ্যনেল ডেস্ক,৪ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় জল সীমান্ত পাৰ হৈ মাছ ধৰাৰ অপৰাধত দেওবাৰে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰে তামিলনাডুৰ ২৩ গৰাকী মাছমৰীয়াক । তামিলনাডুৰ ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমৰ পৰা শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰে মাছমৰীয়া কেইজনক ।

জানিব পৰা মতে তামিলনাডু উপকূলীয় অঞ্চলৰ মাছমৰীয়াকেইজনে মাছ ধৰিবলৈ ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমলৈ গৈছিল । যেতিয়া তেওঁলোকে শ্ৰীলংকাৰ উত্তৰ অঞ্চলৰ কাংগেচন সাগৰৰ সীমান্ত অঞ্চলত সাগৰৰ মাজত মাছ ধৰি আছিল । তেতিয়া সেই অঞ্চলত তহল দি থকা শ্ৰীলংকাৰ নৌসেনাই ৰামেশ্বৰমৰ ২৩ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে । শ্ৰীলংকাৰ নৌসেনাই দাবী কৰিছে যে মাছমৰীয়া কেইজনে সীমান্ত অতিক্ৰম কৰি মাছ ধৰি আছিল । লগতে, শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰাৰ ব্যৱহৃত ২ খন পাৱাৰবোটো জব্দ কৰে ।

সূত্ৰৰ মতে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা মাছমৰীয়া কেইজনক সোধা-পোছাৰ বাবে কানকেশন্থুৰাই নৌ শিবিৰলৈ লৈ যাব । সূত্ৰৰ মতে ধৃত মাছমৰীয়া কেইজন ৰামেশ্বৰমৰ । সেয়েহে, তামিলনাডুৰ ৰামেশ্বৰমৰ মাছমৰীয়াসকলে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰা মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ বাবে পদক্ষেপ লোৱাৰ দাবী জনাইছে । এই ঘটনাক লৈ ৰামেশ্বৰমৰ মাছমৰীয়াসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, শ্ৰীলংকাই ভাৰতীয় মাছমৰীয়াক আটক বা গ্ৰেপ্তাৰ কৰা ঘটনা এয়া প্ৰথম নহয় । প্ৰতিবছৰে বহু মাছমৰীয়া শ্ৰীলংকাৰ নৌসেনাৰ হাতত আটক হয় । একেদৰে ভাৰতীয় নৌসেনাইও আন্তঃৰাষ্ট্ৰীয় জল সীমা অতিক্ৰম কৰাৰ অপৰাধত শ্ৰীলংকাৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা দেখা যায় । অৱশ্যে পৰৱৰ্তী সময়ত মাছমৰীয়াসকলক সোধ-পোছৰ অন্তত মুকলি কৰিও দিয়া হয় ।

লগতে পঢ়ক :হুথি বিদ্ৰোহীৰ এণ্টি-শিপ ক্ৰুজ মিছাইলত আমেৰিকাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.