হুথি বিদ্ৰোহীৰ এণ্টি-শিপ ক্ৰুজ মিছাইলত আমেৰিকাৰ আক্ৰমণ
US strike against Houthi: হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকা আৰু মিত্ৰশক্তিৰ অভিযান অব্যাহত আছে । দেওবাৰে হুথি এণ্টি-শিপ ক্ৰুজ মিছাইলৰ বিৰুদ্ধে আমেৰিকাই আক্ৰমণ কৰে । আত্মৰক্ষাৰ স্বাৰ্থত এই আক্ৰমণ চলোৱা হয় ।

By ANI
Published : February 4, 2024 at 10:59 AM IST
ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী : লোহিত সাগৰত বাণিজ্যিক জাহাজৰ বিৰুদ্ধে সক্ৰিয় হৈ আছে য়েমেন ভিত্তিক হুথি বিদ্ৰোহী । অৱশ্যে বিদ্ৰোহীসকলক প্ৰত্যাহ্বান জনাই আহিছে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে । শেহতীয়াকৈ হুথি বিদ্ৰোহীৰ কেইবাখনো জাহাজত আমেৰিকাই আক্ৰমণ কৰিছে । এইবাৰ পুনৰ হুথি এণ্টি-শিপ ক্ৰুজ মিছাইলৰ বিৰুদ্ধে আমেৰিকাই আক্ৰমণ কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে জনোৱা মতে, দেওবাৰে লোহিত সাগৰত জাহাজৰ বিৰুদ্ধে উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাই থকা হুথি এণ্টি-শিপ ক্ৰুজ মিছাইলৰ বিৰুদ্ধে আমেৰিকাই আক্ৰমণ চলাইছে ।
কেন্দ্ৰীয় কমাণ্ডে এক্সৰ এটা পোষ্টৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে । পোষ্টটোৰ মতে ৪ ফেব্ৰুৱাৰীত প্ৰায় ৪ বজাত (ছানা সময় অনুসৰি) আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড বাহিনীয়ে লোহিত সাগৰত জাহাজৰ বিৰুদ্ধে উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাই থকা হুথি এণ্টি-শিপ ক্ৰুজ মিছাইলৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবে আক্ৰমণ চলাইছে ।

কেন্দ্ৰীয় কমাণ্ডৰ মতে আমেৰিকাৰ সেনা বাহিনীয়ে য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চলত ক্ৰুজ মিছাইল চিনাক্ত কৰে আৰু ব্যৱসায়িক জাহাজৰ বাবে এক আসন্ন ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত আমেৰিকাৰ নৌসেনাৰ জাহাজ মোতায়েন কৰা হয় । আমেৰিকাৰ মতে এই পদক্ষেপে নৌ-চলাচলৰ স্বাধীনতা সুৰক্ষিত কৰিব আৰু আমেৰিকাৰ নৌসেনাৰ জাহাজ আৰু ব্যৱসায়িক জাহাজৰ বাবে আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ সুৰক্ষিত কৰি তুলিব ।
আমেৰিকাই শেহতীয়াকৈ হুথি বিদ্ৰোহীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আক্ৰমণ অব্যাহত ৰাখিছে । য'ত যুঁজাৰু বিমানো অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকাৰ বিষয়াৰ মতে আমেৰিকাই কমেও ১০ টা পৃথক স্থানত ৩০ টা লক্ষ্যত আঘাত কৰিছে । বিষয়াগৰাকীৰ মতে লক্ষ্যসমূহৰ ভিতৰত আছে আদেশ আৰু নিয়ন্ত্ৰণ কক্ষ, এটা অস্ত্ৰ সংৰক্ষণ স্থান আৰু আন্তৰ্জাতিক বাণিজ্য চেনেলসমূহত আঘাত কৰিবলৈ হুথিসকলে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ ।
আমেৰিকা আৰু ব্ৰিটেইনে অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা, ডেনমাৰ্ক, নেডাৰলেণ্ড আৰু নিউজীলেণ্ডৰ সৈতে এক যুটীয়া বিবৃতিত কয় যে তেওঁলোকৰ লক্ষ্য হৈছে উত্তেজনা হ্ৰাস কৰা আৰু লোহিত সাগৰত স্থিৰতা পুনৰুদ্ধাৰ কৰা । বিবৃতিৰ জৰিয়তে হুথি নেতৃত্বক পুনৰ এবাৰ সতৰ্কবাণীও জাৰী কৰে । তেওঁলোকৰ মতে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ জলপথত জীৱন আৰু বাণিজ্যৰ মুক্ত প্ৰবাহ ৰক্ষা অব্যাহত ৰাখিবলৈ আমেৰিকা আৰু মিত্ৰশক্তিয়ে কুণ্ঠাবোধ নকৰে ।

