উল্লাসৰ আতচবাজীয়ে মৰিয়নীত জ্বলালে জুই

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:40 PM IST

thumbnail

যোৰহাট, 22 জানুৱাৰী : সোমবাৰে যোৰহাটৰ মৰিয়নী মহাবিদ্যালয় সন্মুখৰ আৱাসিক এলেকাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অনুমান কৰা অনুসৰি, অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে যোৰহাটতো সকলোৱে আতজবাজী ফুটাই আনন্দ উল্লাস কৰা দেখা পোৱা গৈছে ৷ কিন্তু এই আনন্দ উল্লাস এতিয়া হিতৰ বিপৰীতে যোৱা পৰিলক্ষিত হৈছে ৷ কাৰণ আতজবাজীৰ ফিৰিঙতিৰ বাবে মৰিয়নী নগৰৰ 4 নং বাৰ্ডৰ বৃহত্তৰ এলেকাত জুই সুত্ৰপাত ঘটে ৷

আতচবাজীৰ ফিৰিঙতি চিটিকি আহি প্ৰথমে ধান খেৰৰ পুঁজি এটাত পৰাত এই জুইৰ সূত্ৰপাত ঘটে ৷ লাহে লাহে সমগ্ৰ পুঁজিটোকেই জুয়ে গ্ৰাস কৰে ৷ ফলত শংকিত হৈ পৰে অঞ্চলবাসী । পৰৱৰ্তী সময়ত খবৰ পোৱাৰ মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ ফলত কথমপি ৰক্ষা পৰে খেৰৰ পুঁজিটোৰ কাষতে থকা এটা অট্টাল্লিকা ৷

ইফালে ঘটনাস্থলীত তিতাবৰ মহকুমাধিপতি, মৰিয়নী চক্ৰ বিষয়া, তিতাবৰ মহকুমা আৰক্ষী বিষয়া, যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও প্ৰশাসনিক শীৰ্ষ বিষয়া উপস্থিত হৈ বুজ লয় পৰিস্থিতি ।

লগতে পঢ়ক : বটদ্ৰৱা থানত ক'লা দাগ লগালে মুখ্যমন্ত্ৰীয়ে :গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.