শয্যাশায়ী পুত্ৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান মোলান লস্কৰৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:59 PM IST

thumbnail

বঢ়মপুৰ,১১ ফেব্ৰুৱাৰী: চাৰিমাহ ধৰি চিকিৎসালয়ৰ বিচনাত শয্যাগত নিজৰ কণিষ্ঠ পুত্ৰক কাষত লৈ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেন্সনাৰ মোলান লস্কৰৰ অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান । দুৰ্ঘটনাত পতিত হৈ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ৭ তাৰিখৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে মোলান লস্কৰৰ কণিষ্ঠ পুত্ৰ সুমন্ত লস্কৰ । 

চিকিৎসালয়ত থকা কণিষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীচালক সুমন্ত লস্কৰক দীৰ্ঘদিন ধৰি চিকিৎসা কৰাই অৱশেষত উপায়ন্তৰ হৈ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ বৰ্ষীয়ান সাংবাদিক মোলান লস্কৰৰ । নিজৰ সা-সম্পত্তি বিক্ৰী কৰি সুমন্তৰ চিকিৎসা কৰি আছে যদিও নিৰুপায় হৈ পৰিছে মোলান লস্কৰ । বৰ্তমানেও GMCH ত চিকিৎসাধীন হৈ আছে সুমন্ত লস্কৰ । সেয়ে মুখ্যমন্ত্ৰীলৈ পুত্ৰৰ চিকিৎসাৰ সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে পিতৃ মোলান লস্কৰে । 

লগতে পঢ়ক: ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.