পিতৃৰ তেজেৰে হাত ৰাঙলী কৰিলে পুত্ৰই

🎬 Watch Now: Feature Video

thumbnail
পিতৃক কাঠৰ টুকুৰাৰে মৰিয়াই হত্য়া পুত্ৰৰ (undefined)

By ETV Bharat Assamese Team

Published : February 1, 2024 at 5:30 PM IST

|

Updated : February 1, 2024 at 10:00 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ডিমৰীয়াৰ দুৰুঙৰ 3 নং ঔজাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে ৷ বুধবাৰে দুপৰীয়া পাৰিবাৰিক কন্দলৰ ফলত পুত্ৰ ধীৰাজ দাসে পিতৃ প্ৰেমানন্দ দাসক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে । তাৰ পিচতে পৰিয়ালৰ আন সদস্য‌ই গুৰুতৰভাৱে আহত প্ৰেমানন্দ দাসক GMCH লৈ লৈ যায় যদিও তেতিয়ালৈ চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে নিশাই ক্ষেত্ৰী আৰক্ষীক অৱগত কৰে ৷ তাৰ পিচতেই ক্ষেত্ৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই আটক কৰে অভিযুক্ত ধীৰাজ দাসক । বৰ্তমান ক্ষেত্ৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: বৰপেটাৰোডৰ চৰকাৰী চিকিৎসালয়ত নৱজাতক সালসলনিৰ গুৰুতৰ অভিযোগ

Last Updated : February 1, 2024 at 10:00 PM IST